বকোত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰীৰ পানীত হাঁহ নচৰা অৱস্থা

 07/25/2019 - 14:30

ছয়গাঁওঃ ৰাজ্যৰ আটাইতকৈ অকৰ্মণ্য, দুৰ্নীতিগ্ৰস্ত বিভাগ হিচাপে পৰিগণিত বিভাগটোৱে হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগ৷ হয় ৰাজ্যৰ এই বিয়গোম বিভাগটোত প্ৰায় ২০ বছৰ পূৰ্বে অবৈতনিক ভাৱে নিযুক্তি দিয়া হৈছিল ৰাজ্যৰ পানীযোগান আঁচনি সমূহৰ একাংশ পানী যোগান আঁচনিত৷ সেই সময়ত চৰকাৰে প্ৰতিটো পানী যোগান আঁচনিৰ বিপৰীতে এখনকৈ পৰিচালনা সমিতি গঠন কৰি দিয়া হৈছিল৷ আৰু পানী যোগান কেন্দ্ৰ সমূহত কাম কৰা লোকসকলৰ মাননী সমূহ উক্ত সমিতিৰ একাউণ্টত সোমাইছিল আৰু তেওঁলোকে কৰ্মচাৰীজনক মাননী আদায় দিছিল৷ কিন্ত পৰিতাপৰ কথা এয়ে যে বৰ্তমান উক্ত সমিতি সমূহৰ একাউণ্টত পূৰ্বতে এবাৰ বা দুবাৰ টকা সোমোৱাৰ পিচত আজিলৈকে এটকাও সোমোৱা নাই৷ যাৰ ফলত পানী যোগান আঁচনি সমূহত কৰ্মত লোক সকলৰ নাজল নাথল অৱস্থা হৈছে৷

ৰাজ্যত এনেদৰে বছৰ বছৰ ধৰি মাননী নোপোৱাকৈ কাম কৰা কৰ্মচাৰীৰ সংখ্যা যথেষ্ট হ’ব৷ কেৱল বকো উপ সংমণ্ডলৰ অধীনতে এনেদৰে অবৈতনিক কৰ্মী আছে প্ৰায় ২০০৷ তাৰ ভিতৰত বহু সংখ্যক যুৱকে প্ৰায় পাঁচৰ পৰা দহ বছৰলৈ এটকাও পোৱা নাই৷ আনকি ১৯ বছৰে কাম কৰি মাননীৰ নামত পাইছে মাত্ৰ ২৫ হেজাৰ৷ তাতোকৈ ডাঙৰ কথা হ’ল চাকৰিৰ বয়স উকলি যোৱা ৫ বছৰ উকলি যোৱাৰ পিচতো কাম কৰি আছে এটি পানী যোগান আঁচনিত৷ একমাত্ৰ চাকৰি কৰা দিনকেইটাৰ মাননীখিনি আদায় পোৱাৰ আশাৰে কাম কৰি আছে ৬৫ বছৰীয়া লোকে৷

উল্লেখযোগ্য যে বকো উপ সংমণ্ডলৰ অধীনস্থ ছয়গাঁও আৰু বকোত এনেদৰে কৰ্মৰত প্ৰায় ২০০ কৰ্মচাৰীয়ে উৰ্ধতম কৰ্তৃপক্ষৰ ওচৰত বাৰাম্বাৰ আবেদন নিবেদন কৰিও তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰাটো দূৰৰ কথা প্ৰাপ্য মাননী খিনিও আদায় পোৱা নাই৷ আনহাতে বিগত বছৰ বছৰ বিনা পাৰিশ্ৰমিকেৰে কাম কৰি অহা যুৱক সকল বৰ্তমান হতাশ হৈ পৰিছে ৷ ইয়াত নিয়োজিত অধিকাংশ কৰ্মচাৰীয়েই এতিয়া হাজিৰা কৰি পৰিয়াল পোহপাল দিবলগীয়াত পৰিছে৷ তেওঁলোকৰ চাকৰি নিয়মীয়া কৰিব নোৱাৰা তথা প্ৰাপ্য মাননীখিনিও আদায় দিব নোৱাৰা চৰকাৰ তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াসকলক যুৱ কৰ্মচাৰীসকলৰ বয়স সমূহ ঘূৰাই দিবলৈ দাবী জনাইছে৷ এতিয়া কথা হ’ল সভাই সমিতিয়ে উন্নয়নৰ ফটা ঢোল বজাই ফুৰা বৰ্তমানৰ চৰকাৰে এই সকল দুৰ্ভগীয়াৰ কথা ভাবিবলৈ আহৰি হ’বনে?

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।