ধুবুৰী জিলাৰ মাজেৰচৰ চলাকুৰা গাঁও পঞ্চায়তত বান সাহায্য আত্মসাৎ

 07/25/2019 - 14:52

ধুবুৰীঃ যি সময়ত ৰাজ্যত ভয়ঙ্কৰ বানপানীৰ কবলত পৰি বানাক্ৰান্ত লোকসকলে এমুঠি অন্যৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে, ঠিক সেই সময়তে মাজেৰচৰ চলাকুৰা গাঁও পঞ্চায়তত চৰকাৰে মোকালাই দিয়া বান সাহায্যক লৈ ব্যাপক খেলি-মেলিৰ অভিযোগ উত্থাপিত হৈছে। জানিবপৰা মতে ৰাইজক চাউল, ডাইল, মিঠাতেল, নিমখ আৰু পশুখাদ্য লৈ সভাপতি আৰু সচিবৰ লগতে কিছু উদণ্ড ব্যক্তি লগত লৈ চক্ৰান্ত কৰি ৰাইজৰ মাজত কিছু পৰিমাণে বিতৰণ কৰি বাকী বস্তু আত্মসাৎ কৰিছে বুলি এক গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে। এই ঘটনাই এক চাঞ্চল্যৰ সৃষ্টি কৰিছে মাজেৰচৰ চলাকুৰা গাঁও পঞ্চায়তৰ মাজত।

উক্ত গাওঁ পঞ্চায়তৰ সভাপতি সচিব আৰু একাংশ দুষ্ট চক্ৰৰ সহযোগত উক্ত সামগ্ৰী খিনি আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত কৰিছে বুলি ইতিমধ্যে এই সংক্ৰান্তত ধুবুৰী সদৰ থানাত ১২৪৬/১৯ নম্বৰত এক গোচৰ ৰুজু কৰিছে স্থানীয় সচেতন মহলে। সেয়ে ধুবুৰী সদৰ থানাৰ পৰা 2nd O.C - জি, এন, আহমেদে তদন্ত কৰাৰ বাবে বহু কষ্টৰে মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ মাজেদি কিনকিনিয়া বৰষুণৰ মাজেতো নাৱেৰে মাজেৰচৰ চলাকুৰা গাঁও পঞ্চায়তত গৈ তদন্ত কৰি কেইবা বস্তা চাউল জব্দ কৰে, ইয়াৰোপৰি বিভিন্ন ধৰণৰ বান সাহায্যৰ ব্যাপক খেলিমেলি হোৱা বুলি মত প্ৰকাশ কৰে স্থানীয় ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।