ভূটানৰ পানীয়ে বুৰালে সমগ্ৰ বজালী

 07/25/2019 - 15:01

বজালীঃ বিদেশী ৰাষ্ট্ৰ ভূটানৰ পানীয়ে বুৰালে বজালীৰ মহকুমাৰ বহুকেইখন গাঁও। জানিব পৰা মতে আজি ৰাতিপুৱা ভূটানৰ কুৰিশ্বু বান্ধৰ অতিৰিক্ত পানী এৰি দিয়াৰ লগে লগে বজালীৰ মহকুমাৰ পাঠশালা, নিত্যানন্দ, অকয়া, ৰিহাবাৰী, বামাখাটা, মুগুৰীয়া আদি ঠাইত পানী বৃদ্ধি পাবলৈ ধৰিছে।

প্ৰায় পাঁচ শতাধিক পৰিয়াল এতিয়া জলবন্দী হৈ পৰিছে। SDRF, NDRF আৰু ভাৰতীয় সেনাই এতিয়া উদ্ধাৰ কাৰ্য চলাই আছে। এতিয়ালৈকে পাঠশালা আৰক্ষী চকী, পাঠশালা অসামৰিক চিকিৎসালয়, ভট্টদেৱ বিশ্ববিদ্যালয় আৰু বিভিন্ন শিক্ষানুষ্ঠান পানীত বুৰ গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।