সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ তৰফৰ পৰা বান সাহায্য বিতৰণ

 07/25/2019 - 15:23

বৰপেটাঃ ৰাজ্যত হোৱা ভয়ংকৰ বানপানীৰ ফলত নিজৰ সৰ্বস্ব হেৰুৱাই অস্থায়ী শিবিৰত বাস কৰা লোকসকলৰ মাজত দেখা দিয়া খাদ্য সংকটে সৃষ্টি কৰিছে এক আহুকলীয়া পৰিস্থিতিৰ। এই আহুকালৰ পৰা পৰিত্ৰাণ দিবলৈ বিভিন্ন দল সংগঠনৰ লগতে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বৰপেটা নগৰ সমিতিৰ বিষয় ববীয়া সকলে বানাক্ৰান্ত আশ্ৰয় শিবিৰত থকা লোকসকলক বিভিন্ন সামগ্ৰী বিতৰণ কৰে।

আশ্ৰয় শিবিৰটোত থকা প্ৰায় দুশ পৰিয়ালক মমবাটি, মছকিট’ কইল বিতৰণ কৰা হয়। সামগ্ৰী বিতৰণ কাৰ্যসূচীত সংগঠনটোৰ বৰপেটা জিলাৰ সভাপতি আতিকুল হক (পিনু) ,নগৰ সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি দাদুল আহমেদ, সম্পাদক চহিদুল ইছলাম লগতে অন্যান্য বিষয়ববীয়া সকল উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।