লংকাত দুৰ্বৃত্তই গ্ৰাহকৰ এটিএম কাৰ্ড সলনি কৰি লুটি নিলে ধন

 07/25/2019 - 15:37

লংকাঃ হোজাইৰ লংকাত কৌশলগত ভাৱে দুৰ্বৃত্তই গ্ৰাহকৰ এ টি এম কাৰ্ড সলনি কৰি লুটি নিলে ধন| ভূক্তভোগী মহিলাৰ উদালী আৰক্ষী পহৰা চকীত এজাহাৰ দাখিল। বৰ্তমানলৈকে ঘটনা সন্দৰ্ভত শুংসূত্ৰই উলিয়াব পৰা নাই উদালী আৰক্ষীয়ে।ঘটনা সন্দৰ্ভত জানিব পৰা মতে হোজাই জিলাৰ লংকাৰ উদালী পহৰা চকীৰ অন্তৰ্গত ছামচুন নেহাৰ নামৰ এগৰাকী মহিলাই লংকাৰ এটা এ টি এমৰ পৰা ধন উলিয়াবলৈ আহিছিল।

তেনেতে, অচিনাক্ত দুই দুৰ্বৃত্তই মহিলা গৰাকীক তেওৰ এ টি এম কাৰ্ডৰ পৰা ধন ৰাশি উলিয়াই দিব বুলি কৈ মহিলাগৰাকীৰ এটিএম খন আৰু গোপন চাৰি অংকৰ নম্বৰটো বিচাৰি লৈ কৌশলগত ভাৱে সুমিত কুমাৰৰ নামত থকা অন্য এখন এ টি এম কাৰ্ড মহিলাগৰাকীৰ হাতত দি ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

পিছত ভূক্তভোগী মহিলাগৰাকীয়ে তিনিআলি ষ্টেট বেংক শাখা কৰ্তৃপক্ষৰ পৰা জানিব পাৰে যে, দুই দুৰ্বৃত্তই মহিলাগৰাকীৰ এ টি এম কাৰ্ডৰ জৰিয়তে পাচ হাজাৰ টকা উলিয়াই নিয়ে| ভূক্তভোগী মহিলাগৰাকীয়ে ঘটনা সন্দৰ্ভত উদালী আৰক্ষী পহৰা চকীত দাখিল কৰিছে এজাহাৰ| এ টি এমত চি চি কেমেৰা থকাৰ পিছতো কিয় আৰক্ষীয়ে দুই দুৰ্বৃত্তক আটক কৰিব পৰা নাই সেয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।