বিট্ৰেইনৰ নৱ নিৰ্বাচিত প্ৰধানমন্ত্ৰীক মোডীৰ শুভেচ্ছা

 07/25/2019 - 16:27

ডিজিটেল ডেস্কঃ ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হ’ল বৰিছ জনছন। মোডীয়ে টুইটাৰত বৰিছ জনছনক শুভেচ্ছা জনাই কয় যে মই আপোনাৰ সফলতা কামনা কৰিছো। সকলো ক্ষেত্ৰতে ভাৰত আৰু ব্ৰিটেইনৰ মাজত সম্পৰ্ক আৰু অধিক মজবুত কৰিবৰ বাবে মই আপোনাৰ লগত কাম কৰিবলৈ ৰৈ আছো।

জনছনে বুধবাৰে আনুষ্ঠানিকভাবে দেশখনৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব লয়। উল্লেখ্য বৰিছ জনছনৰ ভাৰতৰ সৈতে আছে ঘণিষ্ঠ সম্পৰ্ক। বহুবাৰ অৰ্ধভাৰতীয় পত্নী মেৰিণা হোৱেলৰ লগত ভাৰত ভ্ৰমণ কৰিছিল নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰী বৰিছ জনছনে। সেইবাবে দুয়োখন দেশৰ মাজত বৈদেশিক সম্পৰ্ক উন্নত হ’ব বুলি বিশেষ চৰ্চা চলিছে আন্তঃৰাষ্ট্ৰীয় মহলত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.