ছয়গাঁৱৰ পৰা প্ৰকাশিত বাৰ্তালোচনী 'জনসেৱা’ৰ দশম বৰ্ষপূৰ্তি অনুষ্ঠান

 07/25/2019 - 16:47

ছয়গাঁওঃ দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ পৰা প্ৰকাশিত বাৰ্তালোচনী 'জনসেৱা’ৰ দশম বৰ্ষপূৰ্তি বৃস্পতিবাৰে অনুষ্ঠিত হৈ যায়। জনসেৱা উন্মোচন কৰে লেখক জ্যেষ্ঠ সাংবাদিক শিৱচৰণ কলিতাই। বকো কলেজৰ অধ্যাপক ড: প্ৰাণেশ্বৰ নাথৰ 'ভোটিং বিহেভিয়েৰ অৱ দ্য মাইনৰিটি কমিউনিটি ইন দ্য চাউথ কামৰূপ’ নামৰ গ্ৰন্থখন উন্মোচন কৰে ছয়গাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড: ইছমতুন নেছাই।

শিক্ষয়িত্ৰী বিনীতা নাথৰ গল্প সংকলন 'মানসীৰ কথাৰে’ উন্মোচন কৰে দুধনৈ কলেজৰ অধ্যক্ষ ড: ললিত চন্দ্ৰ ৰাভাই। সাংবাদিক কিশোৰ কুমাৰ কলিতাৰ কাব্য সংকলন 'কবিতা এটাৰ দৰেই হ'ব বহাগ’ শীৰ্ষক কাব্যপুথিখন উন্মোচন কৰে ছয়গাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপম হাজৰিকাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।