বাক্সাৰ কেইবাখনো গাঁৱৰ খেতি-বাতি বেকী নৈৰ গৰাখহনীয়াত গ’ল জাহ

 07/25/2019 - 17:11

বাক্সাঃ বাক্সা জিলাৰ গোৱর্দ্ধন থানাৰ অন্তর্গত চুনবাৰী এলেংঙামাৰী গাঁওখনৰ খেতি বাতি বছৰ বছৰ ধৰি বেকী নৈৰ গৰাখহনীয়াৰ কবলত জাহ গৈ আছে।

চৰকাৰী ফালৰ পৰা কোনো জনপ্রতিনিধি আহি ভূক্তভোগী পৰিয়ালৰ খা-খবৰ লোৱা নাই। শালবাৰী জিলা সমিতিৰ এবিএমছুৰ সভাপতি ইব্রাহিম আলী অসম তথা বি টি চি চৰকাৰক তীব্ৰ ভাষাৰে সমলোচনা কৰে।

লগতে বৃহৎ আন্দোলনৰ কার্যসূচী হাতত লব বুলি জনায়৷ তাৰ পিচত যদি কোনো ধৰণৰ ব্যৱস্থা গ্রহণ নকৰে তেতিয়া নদীত আত্মহত্যা কৰিব বুলি জনায়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।