গোৱালপাৰাত দেশী জনগোষ্ঠীয় ভাষা সংস্কৃতিৰ আলোচনা চক্ৰ

 07/25/2019 - 17:17

গোৱালপাৰাঃ আজি সাহিত্য চৰ্চা কেন্দ্ৰ অসম আৰু দেশী জনগোষ্ঠীয় মঞ্চৰ উদ্যোগত গোৱালপাৰা সাহিত্য সভা ভৱনত দেশী জনগোষ্ঠীয় সংস্কৃতিৰ এখন আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায়।

অনুষ্ঠানত বিশিষ্ট বুদ্ধিজীৱি ড০ দীনেশ বৈশ্য, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড০ উপেন ৰাভা হাকাচাম, দেশী জনগোষ্ঠীৰ প্ৰতিনিধি ড০ হবিবুৰ ৰহমান আদিয়ে আলোচনাত অংশগ্ৰহণ কৰে।

আলোচনা চক্ৰত দেশী জনগোষ্ঠীয় লোকৰ কুশান নৃত্য আৰু লোকগীত পৰিবেশিত হয়। অনুষ্ঠানত প্ৰায় ৪০ গৰাকী কবিয়ে কবিতা পাঠ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।