ধুবুৰীত সাংবাদিকৰ নামত টেক্স কালেক্টৰৰ সন্ত্ৰাস

 07/25/2019 - 17:25

বিলাসীপাৰাঃ ৰাজ্যখনত সাংবাদিকতাৰ দৰে পৱিত্ৰ বৃত্তিক একাংশ ব্যক্তিয়ে ব্যৱসায়ৰ আহিলা হিচাপে ব্যৱহাৰ কৰাত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে। শেহতীয়াকৈ ধুবুৰী জিলাৰ মহামায়া উন্নয়ন খণ্ডৰ মাছপাৰা সোনকোষ গাঁও পঞ্চায়তৰ টেক্স কালেক্টৰ হাফিজুৰ ৰহমানে নিজকে এটা চেটেলাইট চেনেলৰ সাংবাদিক বুলি পৰিচয় দি একাংশ বিষয়া কৰ্মচাৰীৰ লগতে ঠিকাদাৰ সকলৰ পৰা ধন সংগ্ৰহ কৰাৰ ঘটনাই বাতৰিয়ে লজ্জানত কৰিছে সচেতন মহলক।

টেক্স কালেক্টৰ ৰূপী সাংবাদিকগৰাকীৰ এনে কাণ্ডত প্ৰকৃত সাংবাদিক সকল উদ্বিগ্ন হৈ পৰিছে। যি সময়ত অসম চৰকাৰে চৰকাৰী কৰ্মত জড়িত ব্যক্তিয়ে সাংবাদিকতা কৰিব নোৱাৰে বুলি ঢাক ঢোল বজাই আহিছে, তেনে সময়তে টেক্স কালেক্টৰ হৈ হাফিজুৰ ৰহমান নামৰ চৰকাৰী কৰ্মচাৰীয়ে কৰ্মক ফাকি দি কেনেকৈ সাংবাদিকতাত নিয়োজিত হৈ আছে সেয়া এক সাঁথৰ হিচাপে বিবেচিত হৈছে। এই ক্ষেত্ৰত পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ লগতে সংশ্লিষ্ট সংবাদ গোষ্ঠীয়ে টেক্স কালেক্টৰ হাফিজুৰ ৰহমানৰ বিষয়টো কেনেদৰে গ্ৰহণ কৰে সেয়া সময়তহে লক্ষ্যণীয় হ’ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।