কোকৰাঝাৰত শিশু উদ্ধাৰ

 07/25/2019 - 17:33

কোকৰাঝাৰঃ কোকৰাঝাৰ ৰে’লৱে ষ্টেচনত আজি ৪-৫ বছৰীয়া এটি শিশু উদ্ধাৰ হৈছে৷ কোকৰাঝাৰ ৰেল ষ্টেচনত অনাই বনাই ঘূৰি থকা প্ৰত্যক্ষ কৰি ৰেল আৰক্ষীয়ে শিশুটিক উদ্ধাৰ কৰে৷

শিশুটি ক’ৰ পৰা আহিছে এই সন্দৰ্ভত একো পৰিচয় লাভ কৰা নাই যদিও আৰক্ষীয়ে শিশুটিক চাইল্ড লাইনক গতাই দিয়ে৷ পৰৱৰ্তী পৰ্যায়ত শিশুটিক কোকৰাঝাৰ শিশু কল্যাণ কাৰ্যালয়লৈ লৈ যোৱা হয়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।