দুলীয়াজানত অইলৰ নলাত মৃতদেহ উদ্ধাৰ

 07/25/2019 - 17:40

দুলীয়াজানঃ বুধবাৰৰ নিশা দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ এটা নলাত এটা মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰে।

ঘটনা অনুসৰি আজি বিয়লি চাৰে চাৰিমান বজাত দুলীয়াজানৰ হুকুটা চাৰিআলিৰ সমীপৰ দুলীয়াজান উচ্চ বিদ্যালয়ৰ সন্মুখৰ নলাটোত তললৈ মূৰ কৰি পৰি থকা এটা মৃতদেহ প্ৰত্যক্ষ কৰা হয়।

পাছত মৃতদেহটো ৩নং নাওহলীয়া গাঁৱৰ প্ৰয়াত অনন্ত পাটোৱাৰীৰ পুত্ৰ কৃষ্ণ পাটোৱাৰী ওৰফে মনি বুলি চিনাক্ত কৰা হয়। জানিব পৰামতে মৃত লোকজন আগদিনা নিশাৰে পৰা নিৰুদ্দেশ হৈ আছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।