মৰিগাঁৱৰ দুৰ্গম অঞ্চলত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ বানসাহায্য

 07/25/2019 - 17:45

মৰিগাঁওঃ বানবিধস্ত মৰিগাঁৱৰ গেৰুৱাত বন্যাৰ্তক বানসাহায্য বিতৰণ কৰে শ্ৰীমন্তশঙ্কৰদেৱ সংঘই৷ বানে ভয়াৱহ ৰূপে বিধস্ত কৰা জিলাখনৰ এইসমূহ অঞ্চলত চৰকাৰী নূন্যতম সাহায্য দিয়া হৈছে যদিও অন্য কোনোধৰণৰ সাহায্যকাৰী দল সংগঠন আজিকোপতি উপস্থিত হবগৈ পৰা নাই৷ তেনে এক দুৰ্গম অঞ্চলতে শিশুখাদ্যকে ধৰি বিশুদ্ধ খোৱাপানী, খাদ্যসামগ্ৰী আৰু নিত্য প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘই৷

সংঘৰ মূলৰ সম্পাদক বাবুল বৰাৰ লগতে সেৱা বাহিনী আৰু সংঘৰ জিলা সমিতিৰ বিষয়ববীয়া সকলে সাহায্য অভিযানৰ তদাৰক কৰে৷ ইপিনে বান বিধস্ত এলেকাৰ বনাৰ্ত্যৰ বাবে সংঘই শীঘ্ৰেই নিজাববীয়াকৈ স্বাস্থ্য শিবিৰৰ আয়োজন কৰিব বুলি জানিবলৈ দি এইক্ষেত্ৰত আমচা আৰু জিলা প্ৰশাসনৰ সৈতে সকলো যোগাযোগ কৰা হৈছে বুলি অবগত কৰে মুলৰ সম্পাদক বাবুল বৰাই৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।