বান, গড়াখহনীয়া প্ৰতিৰোধৰ দাবীত উত্তাল প্ৰতিবাদ লখিমপুৰৰ বগীনদীত

 07/25/2019 - 17:59

লখিমপুৰঃ বান, গড়াখহনীয়া প্ৰতিৰোধৰ দাবীত বৃহস্পতি বাৰে উত্তাল প্ৰতিবাদ লক্ষীমপুৰ জিলাৰ বগীনদীত৷ মিচিং জাতীয় সংগঠন TMPK,MMK, আৰু TMMK ই বগীনদীৰ ৰাজপথেৰে প্ৰতিবাদী সমদল বাহিৰ কৰি কদম ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ সন্মুখত ৰূপায়ণ কৰে ধৰ্ণা কাৰ্য্যসূচী৷ সংগঠন কেইটাই তৎকালীন ভাৱে সোৱণশিৰি নদীয়ে ভীমপাৰা, হেকেৰাজান আদি অঞ্চলত অব্যাহত থকা গড়া খহনীয়া প্ৰতিৰোধৰ দাবী জনালে৷

একেদৰে দাবী জনালে নাবাৰ্ডৰ ৭.৫০ কোটি টকাৰ ব্যয়েৰে ৰূপায়ণ অব্যাহত ৰখা সোৱণশিৰি প্ৰতিৰোধৰ আঁচনিখনৰ তদন্ত কৰিবলৈ৷ তাৰোপৰি দাবী জনালে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ সময়ত TMPK কৰ্মীক আক্ৰমণ কৰা দোষী বিজেপি কৰ্মীজনক কৰায়ত্ব কৰিবলৈ৷ একেই বান খহনীয়া প্ৰতিৰোধৰ দাবীৰেই ভীমপৰা মণ্ডল NSUI কৰ্মীসকলেও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ সন্মুখত ৰূপায়ণ কৰে ধৰ্ণা কাৰ্য্যসূচী।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।