মটৰ শ্ৰমিক সন্থাৰ কৰ্ম বিৰতি কাৰ্যসূচী

 07/25/2019 - 18:04

খাৰুপেটীয়াঃ মঙলদৈ যান বাহন আৰক্ষীৰ অন্যায়ৰ বিৰুদ্ধে বৃহস্পতিবাৰে ৩৬ ঘন্টীয়া কৰ্ম বিৰতি পালন কৰে সদৌ অসম মটৰ শ্ৰমিক সন্থাই। ২৩ জুলাইত দৰঙৰ মঙলদৈ সদৰ থানাৰ যান বাহন আৰক্ষী গকুল ডেকাই খাৰুপেটীয়াৰ এগৰাকী বাছ মালিক আৰু এজন মটৰ শ্ৰমিকক অন্যায় ভাবে মাৰপিট কৰি গ্ৰেপ্তাৰ কৰা কাৰ্যৰ বিৰুদ্ধে ৩৬ ঘন্টীয়া কৰ্ম বিৰতি কাৰ্যসূচী পালন কৰি ব্যক্তিগত খণ্ডৰ সকলো ধৰণৰ যাত্ৰীবাহী বাছ চলাচল বন্ধ ৰাখে মটৰ শ্ৰমিক সন্থাই।

দৰং, ওদালগুৰি, শোণিতপুৰ, নলবাৰী আৰু কামৰূপ জিলা মটৰ শ্ৰমিক সন্থাৰ যৌথ আহ্বানত কৰ্ম বিৰতি কাৰ্যসূচী পালন কৰি দোষী আৰক্ষী বিষয়া গকুল ডেকাক চাকৰিৰ পৰা নিলম্বন কৰাৰ লগতে গ্ৰেপ্তাৰ কৰা বাছ মালিক আৰু মটৰ শ্ৰমিকক মুকলি কৰি দিয়াৰ বাবে জিলা প্ৰশাসনক দাবী জনায় মটৰ শ্ৰমিক সন্থাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।