শিৱসাগৰ ৰূপহীমুখৰ বানপীড়িতৰ কাষত আমগুৰি যুৱ সমাজৰ দল

 07/25/2019 - 18:11

আমগুৰিঃ ৰাজ্যজুৰি বানৰ বিভীষিকাৰ পাছত বহু বান বিধ্বস্ত এলেকা এতিয়াও গণ বিচ্ছিন্ন। শিৱসাগৰৰ তেনে এক বান বিচ্ছিন্ন এলেকা ৰূপহীমুখৰ বানপীড়িতৰ কাষত ফেৰিযোগে আহি বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে সাহাৰ্য সামগ্ৰী প্ৰদান কৰে আমগুৰি যুৱ সমাজৰ এটা দলে।

আমগুৰিৰ বিভিন্ন দল-সংগঠনৰ উমৈহতীয়া মঞ্চ ‘আমগুৰি যুৱ সমাজ’ৰ দলটোৱে দিখৌমুখ এলেকাৰ ৰূপহীমুখৰ তিনিখনকৈ গাঁৱৰ ৰাইজৰ মাজত লগত লৈ অনা দুই গাড়ী সাহায্য সামগ্ৰী বিতৰণ কৰে। ৰূপহীমুখ ১ আৰু ২ নং কমাৰ গাঁও আৰু ৰূপহীমুখ মিচিং গাঁৱৰ প্ৰায় তিনিশটা পৰিয়ালৰ মাজত দলটোৱে চাউল, দাইল, আলু, পিঁয়াজ আদি বিভিন্ন খাদ্য সামগ্ৰী, ৰেডিমেড কাপোৰ, আঁঠুৱা, চাবোন-মম আদি নিত্য ব্যৱহাৰ্য সামগ্ৰী বিতৰণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।