অৰুণাচলক কোনোপধ্যেই ভাৰতৰ অংশ হিচাপে মানি নলয় চীনেঃ ৩০ হেজাৰখন বিশ্ব মানচিত্র কৰিলে ধ্বংস

 03/27/2019 - 15:01

নতুন দিল্লীঃ 'হিন্দী-চীনী ভাই ভাই’। ভাৰত আৰু চীনৰ মাজত ভাতৃত্ববোধৰ সম্পৰ্ক আছে বুলি বুজাবলৈ সঘনে এই বাক্যশাৰী প্ৰয়োগ কৰা হয় যদিও প্ৰকৃতাৰ্থত চুবুৰীয়া ৰাষ্ট্ৰ চীনে ভাৰতক সদায়েই শত্ৰুজ্ঞানেই কৰি আহিছে আৰু সময়ে সময়ে চীনে সেয়া কৰি আহিছে প্ৰমাণ। আনকি কিছুদিনৰ আগতো ৰাষ্ট্ৰসংঘত পাকিস্তান আৰু পাকিস্তানত আশ্রয় লৈ থকা মাছুদ আজহাৰক সমর্থন কৰি চীনে আকৌ তাকেই প্ৰতিপন্ন কৰিলে।

ইয়াৰ উপৰিও ভাৰতৰ চিৰবৈৰী প্রতিবেশী ৰাষ্ট্র চীনে অৰুণাচল প্ৰদেশক নিজৰ অধীনলৈ আনিবলৈ অহৰহ প্ৰচেষ্টা চলাই আছে। চীনে অৰুণাচল প্ৰদেশক নিজৰ ভূখণ্ড হিচাপে অতীজৰে পৰা দাবী কৰি আহিছে আৰু সেই দাবীৰ পৰা যে আঁতৰি অহা নাই সেয়া আকৌ স্পষ্ট কৰি দিছে। এই নতুন তৎপৰতাত ৰঙা চীনে টাইৱান আৰু ভাৰতৰ অৰুণাচল প্রদেশক চীনৰ অংশ হিচাপে সামৰি লােৱা মানচিত্রকহে বৈধ বুলি গ্ৰহণ কৰাৰ ব্যৱস্থা কৰিছে।

সেয়ে বিশ্বৰ এই মহাশক্তিধৰ ৰাষ্ট্ৰখনৰ শুল্ক বিষয়াসকলে ভাৰতৰ অৰুণাচল প্রদেশ আৰু টাইৱানক নিজৰ অংশ হিচাপে নেদেখুওৱা প্রায় ৩০ হেজাৰখন বিশ্ব মানচিত্র ধ্বংস কৰিছে। অর্থাৎ চীনৰ চৰকাৰী বিভাগসমূহৰ মতে অৰুণাচল প্রদেশ আৰু টাইৱানক চীনৰ বাহিৰত ৰখা মানচিত্রসমূহ শুদ্ধ নহয়। সেয়ে এনে মানচিত্রসমূহ চিনাক্ত কৰি উলিয়াই শুল্ক বিভাগে কিংদাউ প্রদেশত ধ্বংস কৰে। চীনত ছপা কৰা মানচিত্ৰসমূহ জ্বলােৱাৰ লগতে গােলক, চিডি, মানচিত্ৰৰ ছফটৱেৰ আদিও ধ্বংস কৰা হয়। চীনৰ চৰকাৰী সংবাদপত্র ‘গ্ল’বেল টাইমছ’ত এই বাতৰি প্ৰকাশ পাইছে।

প্রধানমন্ত্রী নৰেন্দ্ৰ মােডীৰ লগত যােৱা বছৰ অতি আন্তৰিক পৰিবেশত একাধিকবাৰ আলােচনাত মিলিত হােৱা ৰাষ্ট্রপতি ঝি জিনপিঙৰ প্ৰশাসনে লােৱা এই পদক্ষেপত ভাৰত স্তম্ভিত হৈ পৰিছে। চীনে এতিয়া আকৌ স্পষ্ট কৰি দি উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্রদেশক দক্ষিণ তিব্বতৰ অংশ বুলি দাবী কৰিছে। চীনৰ ‘ডেঝংৱাং’ কুইনদাও'ৰ মতে চীনৰ প্রাকৃতিক সম্পদ মন্ত্রালয়ে এখন সংবাদমেলত মানচিত্র ধ্বংসৰ কথা প্রকাশ কৰিছে।

মন্ত্ৰালয়ৰ বিষয়াসকলৰ মতে দীঘলীয়া প্রক্রিয়াৰ মাজেৰে মুঠতে ৮০৩ বাকচৰ ২৮,৯০৮ খণ্ড ‘ভুল’ মেপ ধ্বংস কৰা হয়। চীনৰ আনহুই প্রদেশৰ এটা কোম্পানীয়ে এইসমূহ ইংৰাজী ভাষাত ছপা কৰিছিল। প্রাকৃতিক সম্পদ মন্ত্ৰালয়ৰ বিষয়া মা বেয়ে কয়, ‘মানচিত্রই দেশৰ সার্বভৌমত্বক প্রতিফলিত কৰে আৰু এইবােৰে ৰাজনৈতিক বার্তা বহন কৰে।

চীনা বৈদেশিক পৰিক্ৰমা বিশ্ববিদ্যালয়ৰ অধ্যাপক লিউ ৱেংজঙে কয় যে চীনে যি কাম কৰিছে সেয়া বৈধ আৰু অতি জৰুৰী, কিয়নাে সার্বভৌমত্ব আৰু ভৌগােলিক অখণ্ডতা দেশৰ আটাইতকৈ গুৰুত্বপূর্ণ বিষয়। অৰুণাচল প্রদেশক সামৰি দক্ষিণ তিব্বত আৰু টাইৱান যে চীনৰ অংশ সেয়া ঐতিহাসিক তথ্য আৰু আন্তঃৰাষ্ট্ৰীয় আইনৰ ভিত্তিত প্রতিষ্ঠিত বুলি চীনা অধ্যাপকজনে কয়। চীনৰ এই কাৰ্যই হতাশ কৰিছে ভাৰতক।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.