হাজোত গৰু চুৰিৰ সৈতে জড়িত কনিষ্টবলক গ্ৰেপ্তাৰ

 07/25/2019 - 18:15

কামৰূপঃ হাজো আৰক্ষী থানাৰ কনিষ্টবল মইনুল হকক গ্ৰেপ্তাৰ। গৰু চুৰি চক্ৰৰ সৈতে জড়িত হাজো আৰক্ষী থানাৰ কনিষ্টবল মইনুল হক।

কিছুদিন পূৰ্বে ৰিজাৰ্ভ ক্লজ কৰা কনিষ্টবল মইনুলক হাজো আৰক্ষী থানাৰ অচি ভাস্কৰ বৰ্মনে গ্ৰেপ্তাৰ কৰিছে।

বিগত দিন সমূহত হাজোৰ একাধিক গৰু চুৰি ঘটনাৰ লগত জড়িত মইনুল হক৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।