মাৰ্ঘেৰিটাত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এজনৰ

 07/25/2019 - 18:22

মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলা মাৰ্ঘেৰিটা মহকুমাৰ ডিগবৈ থানাৰ অন্তৰ্গত পাৱৈ গাঁও পঞ্চায়তৰ দহ নম্বৰ ৱাৰ্ডত আজি নিচেই পুৱাতে এক শোকাৱহ দুৰ্ঘটনা সংৰ্ঘটিত হয়। ঘৰৰ সম্মূখতে এজন লোক বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুমুখত পৰে। জানিব পৰা মতে, অতি দৰিদ্ৰ পৰিয়ালৰ অষ্ট বাহাদুৰ লামা (৫৫) নামৰ লোক জনে ব্যক্তিগত চাহ বাগিছাত দিন হাজিৰা কৰাৰ উদ্দেশ্যে ঘৰৰ পৰা ওলাই যাওঁতেই ঘৰৰ সন্মুখৰে পাৰহৈ যোৱা ২২০ ভল্টৰ মূখ্য তাঁ‌ৰ ডাল চিঙি মাটিত পৰি থকা অৱস্থাৰ পৰা আঁতৰাবলৈ যাওতে এনে দুৰ্ভাগ্যজনক দুৰ্ঘটনা সংগঠিত হয়।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ বাবেই লোকজনে কৰুণ মৃত্যুক আকোৱালি ল'ব লগা হ'ল। বিদ্যুৎ বিভাগে বিদ্যুতৰ তাঁৰ সমূহত লাগি থকা বাঁহ গছ আদি কাটি চাফা নকৰা বাবেই বাঁহত লাগি তাঁৰ চিঙি এই শোকাবহ দুৰ্ঘটনাটো সংৰ্ঘটিত হয়। স্থানীয় লোকসকলে বিদ্যুৎ বিভাগৰ তৰফৰ পৰা উচিত ক্ষতিপূৰণৰ দাবী জনাইছে। ঘটনাস্থলীত বিদ্যুৎ বিভাগৰ লোক উপস্থিত হৈ নিহত লোক জনৰ পৰিয়াল বৰ্গক উচিত ক্ষতিপূৰণ দিয়া হ’ব বুলি অৱগত কৰিছে। স্থানীয় ডিগবৈ আৰক্ষী থানাৰ আৰক্ষীও ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।