কৰ্দৈগুৰি বিষ্ণুপুৰ গাঁৱৰ বৃদ্ধ দম্পতিক ডাইনীৰ সন্দেহত অকথ্য নিৰ্যাতন

 07/25/2019 - 19:20

ডুমডুমাঃ এক হৃদয় বিদাৰক দৃশ্য। এহাল বৃদ্ধ দম্পতি, দম্পতিহালৰ সৰ্বশৰীৰত আঘাতৰ চিন। যোৱা ২১ জুলাইৰ নিশা তিনিচুকীয়া জিলাৰ তালাপ আৰক্ষী চকীৰ অন্তৰ্গত কৰ্দৈগুৰিৰ বিষ্ণুপুৰ গাঁৱত সংঘটিত হৈছিল এক জঘন্য ঘটনা। ডাইনীৰ সন্দেহত কাবেলী মৰাণৰ লগতে পত্নী মাছুকী মৰাণক একাংশ স্থানীয় ৰাইজে চলাইছিল অকথ্য নিৰ্যাতন। ওৰে নিশা চলোৱা অত্যাচাৰৰ দাগ এতিয়াও স্পষ্ট হৈ আছে দম্পতিহালৰ সৰ্বশৰীৰত।

আৰক্ষীৰ তৎপৰতাত উত্তেজিত ৰাইজৰ পৰা উদ্ধাৰ কৰি দম্পতিহালৰ লগতে বোৱাৰী আৰু নাতি-নাতিনীক ডুমডুমাত আশ্ৰয় দি ৰাখিছে আৰক্ষীয়ে। জিলা প্ৰশাসনে পৰিয়ালটোক ঘৰলৈ ওভটাই পঠিয়াবলৈ ব্যৱস্থা কৰি আছে যদিও ঘটনাৰ আজি কেইবাদিন উকলি যোৱাৰ পাছতো নিজ গাঁৱৰ বাসগৃহলৈ যাব পৰা নাই পৰিয়ালটো। সেয়েহে ২০১৬ চনত স্বাধীন অসমৰ দাবীত আলফা(স্বা:)ত যোগদান কৰা পুত্ৰ আজীৱন মৰাণ ওৰফে অবন অসমক ঘৰলৈ ওভতি আহিবলৈ পিতৃ-মাতৃয়ে কান্দি কান্দি কাতৰ আহ্বান জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।