বাক্সাৰ ভাৰত-ভূটান সীমান্তত গড়া খহনীয়াৰ তাণ্ডৱ

 07/25/2019 - 19:25

গোৰেশ্বৰঃ বাক্সা জিলা ভাৰত-ভূটান সীমান্তত অব্যাহত আছে বানৰ তাণ্ডৱ। পানী কমাৰ পিছতে এতিয়া সৃষ্টি হৈছে গড়া খহনীয়াৰ। পুঠিমাৰী আৰু শুল্কাই নৈৰ পানীয়ে বুৰাইছে পেলাইছে সমগ্ৰ অঞ্চল। ফলত আতংকিত হৈছে তামোলপুৰ বিধান সভা সমষ্টিৰ ২নং ডোঙাৰ গাঁৱৰ একাংশ ৰাইজ। নদীৰ সোঁতত জাহ গ’ল প্ৰায় দুশ বিঘা কৃষিভূমি। ঘৰ-বাৰী ভাঙি এতিয়া অন্য ঠাইলৈ ঢাপলি মেলিছে একাংশই।

অথলে গ’ল বহু কষ্টৰে কৰা বহু কৃষকৰ বহু বিঘা শস্য। এতিয়া বিননি নিদ্ৰাত পাৰ কৰিছে এইসকল লোকে। এই নদীখনে প্ৰায় দুশ বিঘা কৃষিভূমি বালিৰে পুতি পেলাই থৈ যোৱাৰ লগতে নদীৰ বুকুত জাহ গ’ল কৃষি ভূমি এতিয়া কৃষিজীৱি ৰাইজৰ মাজত তীব্ৰ হাহাকাৰৰ সৃষ্টি হৈছে। উল্লেখ্য যে নদীখনে গতি সলনি কৰাত কৃষকসকলৰ খেতি-বাতি নষ্ট হৈ যোৱাত মূৰে কপালে হাত দিব লগা হৈছে। অন্যহাতে কোনোৱে আকৌ গোটেই ৰাতি নিজৰ আপোন ঘৰখন নদীত উটি যোৱাৰ আশংকাত চকুলো টুকি পাৰ কৰিছে জীৱন। এতিয়া এইসকল কৃষকৰ চৰকাৰলৈ আহ্বান তেওঁলোকক যাতে চৰকাৰে ক্ষতিপূৰণ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।