মানকাচৰৰ বান আশ্ৰয় শিবিৰত অনাহাৰে থকা ব্যক্তিৰ কৰুণ মৃত্যু

 07/25/2019 - 19:32

মানকাচৰঃ মানকাচৰৰ দিয়াৰা হাইস্কুলত ১২ দিন ধৰি আশ্ৰয় শিবিৰত অনাহাৰে  থকা ব্যক্তি এগৰাকীৰ কৰুণ মৃত্যু ঘটে। মৃত ব্যক্তিজন বেপাৰীপাৰা গাঁৱৰ ছিৰাজল বেপাৰী। অভিযোগ মতে ১৩ দিন ধৰি ছিৰাজল বেপাৰী নামৰ ব্যক্তিজনে পৰিয়ালসহ দিয়াৰা হাইস্কুলত থকা আশ্ৰয় শিবিৰত আশ্ৰয় লৈ আছিল।

কিন্ত দক্ষিণ শালমাৰা- মানকাচৰ জিলা প্ৰশাসনে ১৩ দিন ধৰি আশ্ৰয় শিবিৰত থকা কোনো এগৰাকীক ব্যক্তিকে বান সাহায্য প্ৰদান কৰা নাই। সম্প্ৰতি আশ্ৰয় শিবিৰত বহু লোক অনাহাৰে অৰ্দ্ধহাৰে থকাৰ লগতে বেমাৰ আজাৰত পতিত হৈছে। দক্ষিণ শালমাৰা- মানকাচৰ জিলা প্ৰশাসনৰ এনে নিৰ্দয় কাণ্ডত সৰ্বসাধাৰণ জনতাৰ মাজত হাহাকাৰময় পৰিস্থিতি সৃষ্টি হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.