ধিঙত সত্ৰীয়া নৃত্য আৰু বায়ন বিদ্যাৰ দহ দিনীয়া কৰ্মশালাৰ সামৰণি

 07/25/2019 - 19:35

টুকটুকীঃ নগাওঁ জিলাৰ ধিঙৰ শ্ৰীশ্ৰী জগন্নাথ দেৱ নটন সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত আৰু স্বেচ্ছাসেৱী সংগঠন 'হিলিং হেণ্ডছ’ গুৱাহাটীৰ সহযোগত স্থানীয় কন কন ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত হোৱা সত্ৰীয়া নৃত্য আৰু বায়ন বিদ্যাৰ এক দহ দিনীয়া কৰ্মশালাৰ আজি সামৰণি পৰে। এই উপলক্ষে শ্ৰীশ্ৰী জগন্নাথ মন্দিৰ প্ৰাংগনত প্ৰায় অৰ্ধ শতাধিক পশিক্ষাৰ্থীৰ গুৰু বন্দনাৰে আৰম্ভ হোৱা কৰ্মশালাৰ সামৰনি অনুষ্ঠানৰ সঞ্চালনা কৰে শ্ৰীশ্ৰী জগন্নাথ মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক প্ৰফুল্ল বৰাই। সত্ৰীয়া নৃত্য আৰু বায়ন বিদ্যাৰ প্ৰশিক্ষক  বিশ্বজিৎ মজুমদাৰ, আনন্দ মুক্তিয়াৰ, ধনশ্ৰী বৰা কাকতি আৰু ধনশ্ৰী মেধিয়ে প্ৰশিক্ষন প্ৰদান কৰা উক্ত কৰ্মশালাৰ সামৰনি অনুষ্ঠানত এটি বৰগীতেৰে মন্ত্ৰমূগ্ধ কৰে স্থানীয় অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী বানীপ্ৰভা শইকীয়াই।

বিগত ২০০৫ বৰ্ষৰে পৰা প্ৰতি বছৰে স্থানীয় ছাত্ৰ-ছাত্ৰী সকলক লৈ অনুষ্ঠিত কৰি অহা সত্ৰীয়া নৃত্য, বিহু নৃত্য, গায়ন-বায়ন বিদ্যাকে ধৰি বিভিন্ন বিষয়ক  গ্ৰীষ্মকালীন কৰ্মশালাৰ পৰিচালক তথা শ্ৰীশ্ৰী জগন্নাথ দেৱ নটন সাংস্কৃতিক কেন্দ্ৰৰ সম্পাদক দিগন্ত বৰাই উদ্দেশ্য ব্যাখ্যা কৰা উক্ত সামৰনি অনুষ্ঠানত উল্লিখিত প্ৰশিক্ষক সকলে জগত গুৰু শ্ৰীমন্ত শংকৰ দেৱৰ অমৰ সৃষ্টি সত্ৰীয়া নৃত্য আৰু গায়ন-বায়ন বিদ্যাৰ লগতে বিভিন্ন নৃত্য ভঙ্গিমা আৰু গীত-মাতৰ ওপৰত বিস্তৃত ৰূপত বক্তব্য আগবঢ়াই। তদুপৰি স্বেচ্ছাসেৱী সংগঠন হিলিং হেণ্ডছৰ সভাপতি হিমানজ্যোতি বৰা, ধিং শংকৰ দেৱ বিদ্যা নিকেতনৰ আচাৰ্য নয়ন মেধিয়ে অংশ গ্ৰহন কৰি ভাষন প্ৰদান কৰা উক্ত অনুষ্ঠানত অৰ্ধশতাধিক প্ৰশিক্ষাৰ্থীক প্ৰশিক্ষন প্ৰাপ্ত প্ৰমান পত্ৰৰো প্ৰদান কৰা হয়। ইপিনে প্ৰশিক্ষাৰ্থী সকলৰ প্ৰায় দুকুৰিও অধিক অবিভাবক উপস্থিত থকা উক্ত অনুস্থানতেই  দুগৰাকী প্ৰশিক্ষক আৰু দুগৰাকী প্ৰশিক্ষীকাকো শ্ৰীশ্ৰী জগন্নাথ দেৱ নটন সাংস্কৃতিক কেন্দ্ৰ আৰু স্বেচ্ছাসেৱী সংগঠন হিলিং হেণ্ডছৰ তৰফৰ পৰা একোখনকৈ সম্বৰ্ধনা পত্ৰ প্ৰদান কৰে। অনুষ্ঠানৰ শেষত দহদিনীয়া প্ৰশিক্ষনত অংশ গ্ৰহন কৰা প্ৰশিক্ষাৰ্থী সকলে অভ্যাসগত সত্ৰীয়া নৃত্যৰো প্ৰদৰ্শন কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।