জিতুল বৰালৈ ‘ইণ্ডিয়া ষ্টাৰ পেচন এৱার্ড’

 07/25/2019 - 19:42

যোৰহাটঃ আগন্তুক স্বাধীনতা দিৱসৰ সংহতি ৰাখি ‘ইণ্ডিয়া ষ্টাৰ বুক অফ ৰেকর্ড’ সংস্থাই ভাৰতবর্ষৰ বিভিন্ন দিশত অৰিহনা আগবঢ়োৱা ব্যক্তি সকললৈ ‘ইণ্ডিয়া ষ্টাৰ পেচন এৱার্ড’ প্রদান কৰা হৈছে। মাজুলীৰ ৬৫ নং বালিচাপৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা যুৱ লেখক জিতুল বৰাই "India star passion award-2019" -for writing and educational work সন্মান লাভ কৰিছে। বৰাই শিক্ষকতা বৃত্তিৰ সমান্তৰালকৈ বিভিন্ন বাতৰি কাকততো কেইবাবছৰো নিৰবচ্ছিন্নভাবে মননশীল লেখা লিখি আহিছে।

বৰাই ইয়াৰ পূৰ্বে কহিনুৰ বুক ৰেকড্ ৰ অশংগ্ৰহনকাৰী, আম্বেডকাৰ ফেলশ্বিপ সন্মান, সমতা সাহিত্য অকাডেমি ৰ পৰা 'শিক্ষক ৰত্ন’ সন্মান লাভ কৰিছে। কম সময়ৰ ভিতৰতে জিতুল বৰাই পাঠক সমাজৰ মাজত লেখক হিচাপে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। তেখেতৰ প্ৰকাশিত তিনিখন গ্ৰন্থ হৈছে 'উপাসনা’, 'চিন্তা আৰু আলাপ’, 'বিশ্বৰ কুৰিগৰাকী মহান মনীষী’। উল্লেখযোগ্য যে জিতুল বৰা উত্তৰ-পশ্চিম যোৰহাটৰ খঙীয়াচুক গাঁৱৰ পুতুল বৰা আৰু ফুলমাই বৰাৰ সন্তান। বৰাৰ এনে সাফল্যত কৰ্মস্থান মাজুলীৰ লগতে জন্মস্থান যোৰহাটতত আনন্দৰ বন্যা বৈছে আৰু বিভিন্ন দল-সংগঠনে শুভেচ্ছা জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।