২৬ জুলাইৰ পৰা উত্তৰ পূৰ্বাঞ্চলত প্ৰচুৰ বৰষুণ হোৱাৰ সম্ভাৱনা

 07/25/2019 - 19:51

ডিজিটেল ডেস্কঃ মহানগৰীৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ এক শীৰ্ষ সুত্ৰই আজি ঘোষণা কৰিছে অহা ২৬ জুলাইৰ পৰা উত্তৰ পূৰ্বাঞ্চলত পুনৰ প্ৰচুৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

সাগৰীয় পৃষ্ঠৰ পৰা প্ৰতি ঘণ্টাত ২.১ কিলোমিটাৰৰ পৰা ৩.৬ কিলোমিটাৰ বেগত মৌচুমী বতাহ প্ৰৱেশ কৰিছে উত্তৰ পূৱ ভাৰতত।

আগন্তক ৪৮ ঘণ্টাৰ ভিতৰত পশ্চিম বংগ হৈ পুনৰ অসমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত মৌচুমী বতাহ বলাৰ সম্ভাৱনা আছে। ফলত প্ৰচুৰ বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।