ভাৰতীয় বায়ুসেনাৰ বীৰ উইং কমাণ্ডাৰ অভিনন্দনক লৈ ভিডিঅ’ গেম মুকলি

 07/25/2019 - 19:57

ডিজিটেল ডেস্কঃ দেশত খলকনি তুলিছে ৩১ জুলাইত মুকলি হ’বলগীয়া এটা ভিডিঅ’ গেমে। এই গেমৰ বিশেষত্ব হ’ব ইয়াৰ আৰম্ভণি যুঁজাৰু বিমান মিগ–২১ৰে হ’ব। জানিব পৰা মতে, ভাৰতীয় বায়ুসেনাই শীঘ্ৰে উইং কমাণ্ডাৰ অভিনন্দনক লৈ এটা ভিডিঅ’ গেম মুকলি কৰিব। এই ভিডিঅ’ গেমত অভিনন্দনক মূল হিৰ’ হিচাপে দেখুওৱা হ’ব, যিয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজিব।

এই গেমটো প্লে’ ষ্ট’ৰ আৰু আই অ’ এছ প্লেটফৰ্মত উপলব্ধ হ’ব। পুলৱামা আক্ৰমণৰ পিছত ভাৰতীয় বায়ুসেনাই পাকিস্তানৰ বালাকোটত তচনচ কৰিছিল সন্ত্ৰাসবাদীৰ ঘাটি। এই এয়াৰ ষ্ট্ৰাইকৰ পিছতে পাকিস্তানে ভাৰতৰ ওপৰত আক্ৰমণৰ ব্যৰ্থ চেষ্টা কৰিছিল। ভাৰতীয় বায়ুসেনাই পাকিস্তানৰ F-16 বিমান ধ্বংস কৰি ইয়াৰ উচিত প্ৰত্যুত্তৰ দিছিল। এই আক্ৰমণৰ নায়ক উইং কমাণ্ডাৰ অভিনন্দনৰ বীৰত্বৰ কাহিনী এতিয়া ভিডিঅ’ গেমত উবলব্ধ হ’ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।