লংকাৰ উদালী বজাৰত ভয়ংকৰ অগ্নিকাণ্ড

 07/25/2019 - 20:04

লংকাঃ বৄহস্পতিবাৰে পুৱতি নিশা লংকাৰ উদালী বজাৰত সংঘটিত হয় এক অগ্নিকাণ্ডৰ ঘটনা। পুৱতি নিশা প্ৰায় ৩ মান বজাত এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা জুইৰ সুত্ৰপাত ঘটাত নিমিষতে অন্যান্য ব্যৱসায়িক প্ৰতিষ্ঠানলৈ জুই বিয়পি পৰে। ফলত ৩ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান জুইত সম্পূৰ্ণ ৰূপে জাহ যায়।

পিছত স্থানীয় লোকে ততাতৈয়াকে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে যদিও বহু পলমকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপণ কৰে। শ্বট চাৰ্কিটৰ ফলত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ফলত কেইবা লক্ষাধিক টকাৰ সা সম্পত্তি বিনষ্ট হয় বুলি জানিব পৰা গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।