বিজেপিৰ হাতলৈ হোজাই জিলা পৰিষদ

 07/25/2019 - 20:08

লংকাঃ নৱগঠিত হোজাই জিলাৰ প্ৰথমখন জিলা পৰিষদ গঠনৰ ছয়মাহৰ ভিতৰতে ভংগ হোৱাৰ দিশে গতি কৰিলে। কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা জিলা পৰিষদখনৰ সভানেত্ৰী ৰেজিয়া চুলতানা আৰু উপ-সভানেত্ৰী পাৰুল চুলতানাৰ বিৰুদ্ধে অনাস্থা আনি বিজেপিৰ ৬ সদস্যই যোৱা ৩ জুলাইত পৰিষদখনৰ মু্খ্য কাৰ্যবাহী বিষয়া পংকজ ডেকাৰ ওচৰত আনুষ্ঠানিকভাৱে অনাস্থা প্ৰস্তাৱ দাখিল কৰিছিল আৰু বিজেপিৰ উক্ত অনাস্থা প্ৰস্তাৱৰ পাছত বৃহস্পতিবাৰে উপায়ুক্তই পৰিষদখনৰ কংগ্ৰেছৰ সভানেত্ৰীগৰাকীক তেওঁৰ সপক্ষে আস্থা ভোট প্ৰমাণৰ আহ্বান জনায়।

উপায়ুক্ত তন্ময় প্ৰতিম বৰগোঁহাইৰ উপস্থিতিত জিলা পৰিষদৰ ১২জন সদস্যই অংশগ্ৰহণ কৰি পৰিষদখনৰ সভানেত্ৰীগৰাকীৰ বিপক্ষে ৮টা ভোট প্ৰদান কৰাত পৰিষদখন ভংগ হোৱাৰ দিশে গতি কৰে। উল্লেখ্য যে ১২খন আসনযুক্ত হোজাই জিলা পৰিষদখনত ৬খন বিজেপি, ৫খন কংগ্ৰেছ আৰু ১খন আসন এ আই ইউ ডি এফৰ দখলত আছে। কিন্ত তাৎপৰ্যপূৰ্ণ ভাৱে অনাস্থাৰ সন্মুখীন হোৱা কংগ্ৰেছৰ দখলত থকা জিলা পৰিষদৰ সভানেত্ৰী ৰেজিয়া চুলতানাই সপক্ষে ৪টা ভোট লাভহে কৰে। নিজ দলৰ ৫ গৰাকী সদস্যৰ ভিতৰতে তেওঁ ভোট লাভ নকৰাটো নিশ্চিত হয়। ইপিনে, অনাস্থা ভোটৰ পাছত হোজাই জিলা পৰিষদখন বিজেপিয়ে দখল কৰাটো খাটাং হৈ পৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।