হোজাইৰ আৰক্ষীয়ে মাতৃৰ কোলাৰ পৰা দলিয়ালে কণমানি শিশু

 07/25/2019 - 20:19

হোজাইঃ হোজাইৰ মোৰাঝাৰত হাফপেণ্ট পিন্ধি আৰক্ষীৰ বৰ্বৰতা। কেমেৰাৰ সন্মুখতে মাতৃৰ কোলাৰ পৰা দলিয়ালে কণমানি শিশুক৷ গৰ্ভৱতী মহিলাকো প্ৰহাৰ।

পুৱতি নিশা নূৰ হুচেইন নামৰ লোক এজনৰ ঘৰত সোমাই মহিলাৰ শ্লীলতা হানিৰ চেষ্টা৷ হাফপেন্ট-টি শ্বাৰ্ট পিন্ধি ঘৰত সোমাল অসৎ উদ্দেশ্যৰে৷ শুই থকা মহিলাৰ আঠুৱাৰ তলত সোমোৱাৰ অভিযোগ৷

ঘৰত থকা পুৰুষ সকলে বাধা দিয়াত আক্ৰমণ৷ কেমেৰাৰ সন্মুখতে মহিলাৰ শ্লিলতা হানিৰো চেষ্টা৷ এইজন হ’ল এ এছ আই মণিসেনা সিং আৰু এজন অসম আৰক্ষীৰ কনিষ্টবল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।