হোজাইৰ যোগীজান উন্নয়ন খণ্ডত আকৌ দুৰ্নীতিঃ বিধ্বস্ত পথৰ বাবে বিয়া নহয় যুৱক যুৱতীৰ

 07/25/2019 - 20:26

হোজাইঃ হোজাই জিলাৰ যোগীজান উন্নয়ণ খণ্ডত পুনৰ দুৰ্নীতি আৰম্ভ হৈছে৷ উন্নয়ণ খণ্ডটোৰ অধীনৰ হিন্দু ব্লক পঞ্চায়ত ব্যাপক হাৰত দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ সামান্য কাম কৰিয়েই লাখ লাখ টকা আত্মাসাৎ কৰিছে বিষয়া কৰ্মচাৰীয়ে৷ পথ মেৰামতিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ তুলি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে গঞা ৰাইজে৷ বিডিঅ, অভিযন্তা আৰু জি আৰ এছ মুৰ্দাবাদ ধ্বনিৰে সাব্যস্ত কৰিছে প্ৰতিবাদ৷

উল্লেখযোগ্য যে হিন্দুব্লক পঞ্চায়তৰ সেৱাঘাটৰ পৰা হবিবুৰ ৰহমানৰ ঘৰ হৈ বিলপাৰলৈ যোৱা পথটোৰ মেৰামতিৰ বাবে ২০১৭-১৮ বৰ্ষত আবন্টন হৈছিল ৩৬ লাখকৈ টকা৷ কিন্তু সামান্য কাম কৰিয়েই ২১ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে বিডিঅ, অভিযন্তা, জি আৰ এছ আৰু একাংশ দালালৰ বিৰুদ্ধে৷ ইফালে মেৰামতি নোহোৱাত বোকাময় হৈ পৰিছে পথছোৱা আৰু জমৰ যাতনা ভুগিবলগীয়া হৈছে স্থানীয় ৰাইজে৷ পথছোৱা মেৰামতিৰ কামত সংঘটিত দুৰ্নীতিৰ বিষয়ে ইতিমধ্যে জিলা উপায়ুক্ত আৰু বিধায়কক অৱগত কৰিছে ৰাইজে৷ জিলা উপায়ুক্তই উক্ত দুৰ্নীতি সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছে যদিও হোৱা নাই তদন্ত৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।