গহপুৰত ব্ৰজপাতত মৃত্যু এজন লোকৰ, আহত ২ যুৱতী

 07/25/2019 - 20:37

গহপুৰঃ গহপুৰত অঘটন৷ বজ্ৰপাতৰ ফলত মৃত্যু এজন লোকৰ। গহপুৰৰ কমলা পথাৰত সংঘটিত হয় এই ঘটনা। বজ্ৰপাতৰ ফলত মৃত্যু হোৱা লোকজনৰ নাম মুনু শইকীয়া বুলি জানিব পৰা গৈছে।

বজ্ৰপাতত লগতে আহত দুগৰাকী যুৱতী। আহত যুৱতীদ্বয় ক্ৰমে- মিনাক্ষী শইকীয়া আৰু বৰ্ণালী শইকীয়া। পথাৰত ভূঁই ৰুই থকা সময়ত বজ্ৰপাত পৰি নিহত হয় লোকজন। সমগ্ৰ অঞ্চলজুৰি এই ঘটনাই শোকৰ ছাঁ পেলাইছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।