তিতাবৰত ৫ বছৰীয়া শিশুক ধৰ্ষণ ১৫ বছৰীয়া কিশোৰৰ

 07/25/2019 - 20:39

তিতাবৰঃ তিতাবৰৰ লালুঙত এক শিহৰণকাৰী জঘন্য কাণ্ড। ১৫ বছৰীয়া কিশোৰে ধৰ্ষণ কৰিলে ৫বছৰীয়া এগৰাকী শিশুক। এই ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। শিশুটিৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ নৰহ নামৰ ১৫ বছৰীয়া কিশোৰটোৱে ৫ বছৰীয়া শিশুটিক মোবাইলত কাৰ্টুনৰ ভিডিঅ’ দেখুৱাৰ চলেৰে তিতাবৰ বৰহোলা সংযোগী ন-আলি পথৰ দাঁতিত লালুং গাঁৱত থকা আশীৰ্বাদ মটৰ ৱৰ্কছ নামৰ গেৰেজলৈ মাতি নিয়ে আৰু দুপৰীয়া কোনো নথকাৰ সুযোগ লৈ কিশোৰটোৱে এই জঘন্য কাণ্ডটো সংঘটিত কৰে।

ঘটনা সংঘটিত কৰি সেই ঠাইৰ পৰা পলায়ন কৰে কিশোৰটোৱে। শিশুটি ঘৰলৈ যোৱাত ঘৰত অভিভাৱকে দেখাৰ পিছত পোহৰলৈ আহে সমগ্ৰ ঘটনাটো। লগে লগে শিশুটিৰ পৰিয়ালে মাধপুৰ আৰক্ষী চকীত খবৰ দিয়ে। ঘটনাস্থলীত মাধপুৰ আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লয় আৰু পলাতক নৰহক বিচাৰি অভিযান চলায় যদিও বৰ্তমানলৈকে নৰহক বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাই।

জানিব পৰা মতে আশীৰ্বাদ মটৰ ৱৰ্কছ নামৰ গেৰেজটোত কৰ্মৰত আছিল নৰহ। ইতিমধ্যে নৰহৰ ঘৰ মাজুলীত বুলি জানিব পৰা গৈছে যদিও বৰ্তমানলৈকে মাজুলীৰ কোন ঠাইৰ সেইয়া জানিব পৰা হোৱা নাই। সমগ্ৰ ঘটনাৰ তদন্ত আৰু দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ মাধপুৰ আৰক্ষীক শিশুটিৰ পৰিয়ালে এজাহাৰ দাখিল কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।