তিতাবৰত প্রধান মন্ত্রী আবাস যােজনাৰ গৃহ নির্মাণত বাধাঃ বাগিচাৰ পৰিচালকক ঘেৰাও আদিবাসী ছাত্ৰ সন্থাৰ

 07/25/2019 - 20:44

তিতাবৰঃ চাহ শ্ৰমিকসকলৰ উন্নয়নৰ কাৰণে চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি লৈছে ঠিকেই কিন্তু একাংশ অনা অসমীয়া চাহ বাগিচাৰ পৰিচালকে শ্রমিকসকললৈ অহা প্ৰধান মন্ত্ৰী আবাস গৃহ নিৰ্মাণ কৰিবলৈ নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। তিতাবৰৰ টাইৰুণ চাহ বাগিচাৰ পৰিচালকে নিদিয়ে চৰকাৰী গৃহ বনোৱাৰ অনুমতি। ইফালে চাহ শ্ৰমিকৰ গৃহসমূহ জৰাজীৰ্ণ হৈ উৱলি যোৱা পৰিলক্ষিত হৈছে যদিও দুখীয়া জনসাধাৰণলৈ অহা এই গৃহসমূহ কিয় নিৰ্মাণ কৰিবলৈ নিদিয়ে এইজন অনা অসমীয়া বাগান পৰিচালক দেৱেন্দ্ৰ সিং চৌহানে তাকলৈ ৰাইজৰ মনত এতিয়া প্ৰশ্ন উত্থাপন হৈছে।

উল্লেখযোগ্য যে বাগিচাখনত দীৰ্ঘদিন ধৰি শিশু শ্রমিক ব্যৱহাৰ কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে। বাগিচাৰ শ্ৰমিকৰ বাবে নাই বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা, নাই পৰ্যাপ্ত পৰিমাণৰ এমবুলেঞ্চ। যাৰ ফলত ৰোগীক চাঙী অথবা ঠেলাৰে আনিবলগীয়া হয় চিকিৎসালয়লৈ।

চাহ শ্ৰমিকসকলৰ কেইবাটাও সমস্যা সমাধানৰ দাবীত আদিবাসী ছাত্ৰ সন্থাই টাইৰুণ চাহ বাগিচাৰ পৰিচালকৰ কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। লগতে বাগান পৰিচালকক ১৫ দিনৰ ভিতৰত এই সমূহ সমস্যাৰ সমাধানৰ ক্ষেত্ৰত বিহীত ব্যৱস্থা ল'বলৈ দাবী জনায় অন্যথা যদিহে এই দাবীসমূহৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ’লে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ইয়াতকৈ জংগী আন্দোলন গঢ়ি তুলিম বুলি সকীয়নী দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।