১২ ঘণ্টীয়া কাৰ্বি আংলং বন্ধঃ ডিফুত দলীয় কাৰ্যসূচীত অংশগ্ৰহণ ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

 07/25/2019 - 20:51

হামৰেণঃ কাৰ্বি আংলং আৰু ডিমা-হাচাও জিলাত স্বায়ত্ব শাসনৰ বতাহে কঁপাই তোলাৰ মাজত ডিফুত জ্বলা জুইত ঘিঁ ঢালিলে এচাম বিজেপি কৰ্মীয়ে৷ পুৱাৰ ভাগত বন্ধৰ বিৰোধিতাত এচাম বিজেপি কৰ্মীৰ তাণ্ডৱে চুই গ’ল পাৰ্বত্য জিলা সদৰ ডিফুক৷ এনে এক প্ৰাকক্ষনত আজি দুপৰীয়া ভাগত ডিফুত এক দলীয় আৰু ধাৰাবাহিক চৰকাৰী কাৰ্যসূচী লৈ উপস্থিত হয় অসম চৰকাৰৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্তানী বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা৷

দুই পাৰ্বত্য জিলা ক্ৰমে পূৱ কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত আজি পুৱা ৫ বজাৰ পৰা বিয়লি ৫ বজালৈ আহ্বান জনোৱা ১২ ঘণ্টীয়া কাৰ্বি আংলং বন্ধত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নোহোৱাকৈ বন্ধৰ সফল সামৰণি পৰে৷ এই বন্ধৰ সময়ছোৱাত দুই পাৰ্বত্য জিলাৰ চৰকাৰী, বে-চৰকাৰী কাৰ্যালয়কে ধৰি দোকান-পোহাৰ আৰু যান-বাহন সকলো বন্ধ হৈ পৰাত জিলাখনত দিনটোৰ বাবে জন-জীৱন ব্যাহত হৈ পৰে৷ ইপিনে ডঃ শৰ্মাই সুদূৰ গুৱাহাটীৰ পৰা ঘাই পথেৰে ডিফুত উপস্থিত হৈ কাৰ্বি আংলং জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ৰ আধাৰ শিলা ন্যাসৰ পাছতেই মৎস্য উদ্যান আৰু বন উৎসৱৰ সৈতে সংহতি ৰাখি ডিফু মেডিকেল কলেজত বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।