আমেৰিকাৰ অনূর্ধ্ব ১৪ৰ ফুটবল দলত অসমীয়া কিশােৰ

 03/27/2019 - 16:11

নাহৰকটীয়াঃ অসমলৈ আহিছে এক সুখবৰ। আমেৰিকাৰ অনূর্ধ্ব ১৪ৰ ফুটবল দলত স্থান লাভ কৰিছে নাহৰকটীয়াৰ এজন কিশোৰে। তেওঁৰ নাম ৰুৱান থৌমং। সম্প্রতি জার্মানীত ফুটবলৰ প্রশিক্ষণ গ্রহণ কৰি থকা ১৪ বছৰীয়া কিশােৰ ৰুৱান থৌমঙৰ জন্ম নিউজাৰ্ছীৰ প্রিন্সটন চহৰত হৈছিল যদিও ৰুৱানৰ পিতৃ-মাতৃ প্ৰকৃত অসমীয়া।

দেউতাক য়েমথি থৌমং তাই-ফাকেয়াল জনগােষ্ঠীৰ। আচল ঘৰ নাহৰকটীয়াৰ ঐতিহ্যমণ্ডিত নামফাকেত। ল’ৰাটিৰ মাতৃ হৈছে মৰাণৰ ৰেখা বৰুৱা। য়েমথি থৌমঙৰ পৰিয়ালটো কৰ্মসূত্ৰে আছিল আমেৰিকা যুক্তৰাষ্ট্ৰত। কিন্তু ২০০১ চনত আমেৰিকাৰ ট্রেড চেণ্টাৰত সংঘটিত সন্ত্রাসবাদীৰ ভয়াৱহ আক্ৰমণৰ পাছতে পৰিয়ালটো গুচি আহে বাংগালুৰুলৈ। সেই পৰিয়ালৰে দুটি সন্তানৰ ডাঙৰটো ৰুৱানৰ আছে ফুটবলৰ প্ৰতি অগাধ প্রীতি। তেওঁ নির্বাচিত হৈছে আমেৰিকাৰ অনুর্ধ্ব ১৪ বছৰ ৰাষ্ট্ৰীয় ফুটবল টীমলৈ।

অহা ১ এপ্রিলৰ পৰা ৯ এপ্রিললৈকে উক্ত দলৰ হৈ ফ্রান্স আৰু বেলজিয়ামৰ শীর্ষস্থানীয় ফুটবল টীমবিলাকৰ বিৰুদ্ধে ৰুৱান থৌমিঙে দুভৰিৰ যাদু দেখুৱাবলৈ সাজু হৈছে। উল্লেখ্য যে ঘটনাৰ পাকচক্ৰত পৰি য়েমথি থৌমঙৰ পৰিয়ালটোৱে আমেৰিকাৰ পৰা স্বদেশলৈ প্রত্যাৱৰ্তন কৰিলে যদিও বৰপুত্ৰ ৰুৱান দীর্ঘসময় ধৰি ফুটবলৰ কাৰণেই বিদেশত আছেগৈ। সৰুৰে পৰাই ফুটবলত অপাৰ দক্ষতা প্রদর্শন কৰা ৰুৱানে ২০১৬ মুম্বাই স্কুল ফুটবল চেম্পিয়নশ্বিপত শ্রেষ্ঠত্ব প্রদর্শনেৰে গ'ল্ডেন বলৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল।

বাংগালুৰু ফুটবল ক্লাবৰ অনুর্ধ্ব ১৩ দলতাে ঠাই পােৱা ৰুৱানে ২০১৭ চনত নির্বাচিত হৈছিল ৰিলায়েঞ্চ ফাউণ্ডেচনৰ যুৱ চেম্পিয়ন প্রশিক্ষণ শিবিৰলৈ। ৰুৱানৰ লগতে সমগ্ৰ ৰাষ্ট্ৰৰ পৰা উক্ত শিবিৰলৈ নির্বাচিত হৈছিল মুঠতে ২০গৰাকী উদীয়মান খেলুৱৈ। ইয়াৰ পাছতে ৰুৱান নির্বাচিত হয় ডিএফআই নামৰ জার্মান আৱাসিক ফুটবল স্কুলৰ স্বকালীন প্রশিক্ষণৰ বাবে। হ্ৰস্বকালীন উক্ত প্রশিক্ষণ শিবিৰ অন্ত পৰাৰ লগে লগেই তেওঁ পুনৰ নির্বাচিত হয় জার্মানৰে বিখ্যাত ছ’চাৰচিটীৰ দুবছৰীয়া প্রশিক্ষণ শিবিৰলৈ। যাৰ কাৰণে ফুটবলৰ লগতে জার্মান ভাষাতেই নিজৰ অধ্যয়নাে আগবঢ়াই নিবলগীয়া হৈছে এইগৰাকী উদীয়মান ফুটবল খেলুৱৈয়ে।

শেহতীয়াকৈ ৰুৱানে খেলি আছে ভিএফএল ৱলফ বার্গ নামৰ জার্মানৰ এটা ফুটবল ক্লাবৰ সৈতে। বুণ্ডেছলীগ চেম্পিয়নশ্বিপত ৰুৱানৰ ক্লাবটোৰ স্থান হৈছে ৫ । উল্লেখ্য যে ২০১৬ত চুইডেনত অনুষ্ঠিত হােৱা গ’থিয়া ৱর্ল্ড য়ুথ টুর্নামেন্টত ‘গেমছ ডে বাংগালুৰুৰ হৈ দুর্দান্ত প্রদর্শন কৰাৰ পৰাই ৰুৱান আন্তর্জাতিক প্রশিক্ষণ সংস্থাসমুহৰ চকুত পৰে। সেইবাৰ তেওঁ ভাৰতীয় দলটোৰ হৈ দুটা গল স্ক’ৰ কৰি নিজৰ টীমটোক এবাৰ বিজয়ৰ সােৱাদ দিয়াৰ লগতে আনবাৰ সমতা স্থাপন কৰি পৰাজয়ৰ পৰা ৰক্ষা কৰিছিল।

ইতিমধ্যে আমেৰিকান জাতীয় দলৰ জুনিয়ৰ টীমলৈ মনােনীত হােৱাৰ পাছত ৰুৱানে ৰুই দিয়া সপােনটোৱেই হ'ল— অসম আৰু সমগ্ৰ ভাৰতকেই গৌৰৱান্বিত হ’ব পৰা এটি ক্রীড়া প্রতিভাৰ জন্ম হৈছে, যি অনাগত দিনত কেৱল নিজেই উজলি নুঠে, উজলাই তুলিব পৰিয়াল, পিতৃ-মাতৃৰ লগতে নিজৰ শিপাডালকো।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।