সত্ৰীয়া সংস্কৃতিৰ সাধক ভদ্ৰকৃষ্ণ গোস্বামীৰ প্ৰথম মৃত্যু বাৰ্ষিকী পালন

 07/25/2019 - 21:07

ডিজিটেল ডেস্কঃ সত্ৰীয়া সংস্কৃতিৰ সাধক, শ্ৰী শ্ৰী জকাই সত্ৰৰ সত্ৰাধিকাৰ, বিশিষ্ট সমাজ কৰ্মী, লেখক-সাংবাদিক তথা অসম সত্ৰ মহাসভাৰ প্ৰাক্তন সভাপতি ভদ্ৰকৃষ্ণ গোস্বামীৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে বৃহস্পতিবাৰে নেডফি হাটৰ প্ৰেক্ষাগৃহত এখনি স্মৰণ সভা অনুষ্ঠিত হয়। সভাত "সামাজিক ৰূপান্তৰ আৰু শ্ৰীমন্ত শংকৰদেৱ" বিষয়ক বিশেষ বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সাহিত্যিক ডঃ লক্ষ্মীনন্দন বৰা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।