মঙলদৈঃ মঙলদৈ ব্লক চকত বানপীড়িতৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ। একাংশ ব্যক্তি তথা ব্যৱসায়ীক প্ৰতিষ্ঠানে পুল, নলা আদি বন্ধ কৰি সাজিছে পকী বেৰ, ওখ অট্টালিকা। পুল, নলা আদিৰে পাৰ হ’ব পৰা নাই বোৱতী পানী। যাৰ ফলত ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ উত্তৰ দিশৰ ৰাইজ ভুগিছে বানপানীৰ কৱলত। প্ৰত্যেকৰ ঘৰৰ ভিতৰত একাঁঠু পানী। আগতেও জিলা প্ৰশাসনক আবেদন নিবেদন কৰিছিল যদিও নাপালে কোনো উত্তৰ।
অবশেষত ক্ষুদ্ধ ৰাইজে পথ অবৰোধ কৰে। অবৰোধৰ ফলত আবদ্ধ হয় বহু যাত্ৰী, গাড়ী-মটৰকে ধৰি ৰোগী কঢ়িয়াই নিয়া এম্বুলেঞ্চ। অৱশেষত অৱৰোধ স্থলীত আৰক্ষী লোক উপস্থিত হয়। অৱৰোধ স্থলীত দৰঙৰ অতিৰিক্ত উপায়ুক্ত, চক্ৰ বিষয়া উপস্থিত হৈ ভুক্তভোগী ৰাইজক বুজনি দিয়ে। প্ৰশাসনে ৩ দিনৰ ভিতৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰাত প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ উঠাই লয়।
উল্লেখযোগ্য যে প্ৰথমটো বানৰ পানী কিছু কমিছিল যদিও মঙলদৈৰ নোৱা নৈৰ বাঢ়নী পানীয়ে আকৌ প্লাবিত কৰিছে বিস্তীৰ্ণ অঞ্চল। মঙলদৈৰ নগৰবাহী কণাইচুৱাৰ ছিঙা মথাউৰিৰ অংশৰে পুনৰ পানী সোমাই নগৰবাহী পঞ্চায়তৰ অধীনৰ অঞ্চলসমূহ পুনৰ প্লাবিত কৰিছে। আৰু পানীয়ে পুনৰ মঙলদৈ চহৰলৈ ভাবুকি সৃষ্টি কৰিছে। মঙলদৈ মাজিকুছি পথৰ ওপৰেৰে পুনৰ বৈছে পানী। নগৰবাহী, কানাইচুবা, টেলিয়া, অধিকাৰী, হাউলি আদি অঞ্চল আগৰ দৰেই বুৰাই পেলাইছে পানীয়ে। ফলত ৰাইজৰ দুখে কুলাই পাচিয়ে নধৰা অৱস্থা।