07/25/2019 - 21:15
in
বৰপেটাঃ ৰাজ্যত হোৱা ভয়ংকৰ বানপানীৰ ফলত নিজৰ সৰ্বস্ব হেৰুৱাই অস্থায়ী শিবিৰত বাস কৰা লোক সকলৰ মাজত দেখা দিয়া খাদ্য সংকটে সৃষ্টি কৰিছে এক আহুকলীয়া পৰিস্থিতিৰ। এই আহুকালৰ পৰা পৰিত্ৰাণ দিবলৈ বিভিন্ন দল সংগঠনৰ লগতে বৰপেটা চহৰৰ গান্ধীনগৰত অৱস্থিত ফ্ৰেণ্ডশ্বিপ মিক্স ফাৰ্মিং কো-অপাৰেটিভ ছ’চাইটিৰ বিষয়ববীয়াসকলে বৰপেটা নতুন বাছ আস্থান আৰু বৰপেটা বিশেষ বিকলাংগ স্কুলৰ বানাক্ৰান্ত আশ্ৰয় শিবিৰত থকা লোকসকলক বিভিন্ন সামগ্ৰী বিতৰণ কৰে।
আশ্ৰয় শিবিৰটোত থকা প্ৰায় দুশ পৰিয়ালক বিস্কুট আৰু পানী বিতৰণ কৰা হয়। সামগ্ৰী বিতৰণ কাৰ্যসূচীত ছ’চাইটিৰ সম্পাদক জাহিদ হুছেইন (আবজেল), সহকাৰী সাধাৰণ সম্পাদক ৰফিকুল হুছেইনৰ লগতে অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে।