পতন হ’ল কংগ্ৰেছ নেতৃত্বাধীন হোজাই জিলা পৰিষদ

 07/25/2019 - 21:35

ডবকাঃ আজি পতন হ’ল কংগ্ৰেছ নেতত্বাধীন হোজাই জিলা পৰিষদ৷ যোৱা ৩ জুলাইত হোজাই জিলা পৰিষদৰ মুখ্য‌ কাৰ্যবাহী বিষয়া তথা জিলা অতিৰিক্ত উপায়ুক্ত পংকজ ডেকাৰ ওচৰত বিজেপিৰ ৬ গৰাকী সদস্যই অনাস্থা আনিছিল কংগ্ৰেছী জিলা পৰিষদৰ সভানেত্ৰী ৰেজিয়া চুলতানাৰ বিৰুদ্ধে৷ অনাস্থা প্ৰস্তাৱ দাখিল কৰাৰ পিছতেই আজি এই অনাস্থা প্ৰস্তাৱৰ ওপৰত আলোচনা হয়৷ আলোচনাৰ অন্তত ভোটদানত কংগ্ৰেছ নেতত্বাধীন হোজাই জিলা পৰিষদখনৰ পতন ঘটে৷

আজি অনাস্থাৰ বিৰুদ্ধে পৰিষদৰ ১২ জনীয়া সদস্যৰ ভিতৰত জিলা পৰিষদৰ বিজেপি ৬ গৰাকী সদস্যৰ লগতে কংগ্ৰেছৰ দুজন সদস্যই কংগ্ৰেছী সভানেত্ৰী ৰেজিয়া চুলতানাৰ বিৰুদ্ধে ভোটদান কৰে৷ ফলত ৮ জন সদস্যই অনাস্থাৰ সপক্ষে ভোটদান কৰাৰ বিপৰীতে ৪ জন সদস্যই অনাস্থাৰ বিৰুদ্ধে থিয় দিয়ে৷ যমুনামুখ সমষ্টিৰ ডবকা জিলা পৰিষদ সদস্য নুৰ আহমেদ আৰু নীলবাগান জিলা পৰিষদ সদস্য নেৱাজ উদ্দিন চৌধুৰীয়ে নিজ দলৰ সভানেত্ৰীৰ বিৰুদ্ধে ভোট দিয়ে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।