যমুনা নদীৰ মথাউৰি নিৰ্মাণ কাৰ্যত কেলেংকাৰীৰ অভিযোগ

 03/27/2019 - 16:35

ডিফুঃ কাৰ্বি আংলং জিলাৰ হাওৰাঘাট সমষ্টিৰ যমুনা নদীৰ পাৰত জলসম্পদ বিভাগৰ জৰিয়তে মথাউৰি নিৰ্মাণ কাৰ্যত ব্যাপক কেলেংকাৰীৰ অভিযোগ উত্থাপিত হৈছে।

২৬ মাৰ্চত ডিফুস্থিত প্ৰেছ ক্লাবত কেএইছডিপিঅ' আৰু কেএফএ এই সংগঠন দুটাৰ শীৰ্ষ নেতৃত্বই সংবাদ মাধ্যমৰ আগত এই তথ্য সদৰী কৰে। লগতে এনে দুৰ্নীতিৰ ক্ষেত্ৰত শাসনাধিস্থ চৰকাৰে কোনো ব্যৱস্থা নোলোৱাৰ ক্ষেত্ৰতো প্ৰশ্ন তোলে।

হাওৰাঘাট সমষ্টিৰ অন্তৰ্গত যমুনা নদীৰ পাৰ বান্ধিবলৈ ধাৰ্য কৰা হৈছিল ৫ কোটি টকা, কিন্তু সংগঠন দুটাই মথাউৰি নিৰ্মাণ কাৰ্যত জড়িত থকা ২৪ জন ঠিকাদাৰে আবণ্টিত হোৱা সম্পূৰ্ণ টকাখিনি হস্তগত কৰাৰ অভিযোগ তুলিছে। এই সংগঠন দুটাই কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ প্ৰধান সচিবলৈ উল্লেখিত দুৰ্নীতিত লিপ্ত লোকসকলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ অনুমতি বিচাৰি চলিত বৰ্ষৰ ২২ ফেব্ৰুৱাৰী তাৰিখে এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে। কিন্তু তাৰ পাছতো একো ব্যৱস্থা নোলোৱাৰ বাবে ২০ মাৰ্চ তাৰিখে পুনৰ এখন স্মাৰক-পত্ৰ দাখিল কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।