07/26/2019 - 13:15
in
যোৰহাটঃ নন্দনাথ শইকীয়া মহাবিদ্যালয় প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, তিতাবৰৰ সচেতন যুৱক-যুৱতী আৰু মেজেঙা চাহ বাগিচাৰ সহযোগত মালৌ পাম অঞ্চলৰ প্ৰায় ৪৫০ জনৰো অধিক বানাক্ৰান্তক তেওঁলোকে নিজ হাতেৰে তৈয়াৰ কৰি এসাঁজ বিতৰণ কৰি খুৱালে আৰু ধনখোলা অঞ্চলত প্ৰায় ৩০০ মানুহক কাপোৰ আৰু বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰিলে।
বানপানীত নিজৰ মাটি ভেটি হেৰুৱাই ৰাস্তাত বাস কৰি থকা লোক সকলক সহায় কৰিবলে যুৱক-যুৱতী, ছাত্র-ছাত্ৰীসকল বহুত সুখী বুলি উল্লেখ কৰে। এই অঞ্চল সমূহত এতিয়াও যথেষ্ট সহায়ৰ প্ৰয়োজন আছে। সেয়ে বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান সমূহক আগবাঢ়ি আহিবলৈ তেওঁলোকে অনুৰোধ জনাইছে। তেওঁলোকে বানাক্ৰান্ত সকলক সহায় কৰাৰ লগতে বন্ধু নীৰজ গগৈ কেইবা দিন ধৰি চিকিৎসাধীন হৈ আছে বুলি উল্লেখ কৰে আৰু নিৰজ যাতে অতি সোনকালে সুস্থ হৈ উঠে তাৰ বাবে নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনায়।