গোসাইগাঁওঃ কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাধিপতি কাৰ্যালয়ৰ গাতে লাগি থকা এখন কাঠৰ দলঙে এতিয়া জীয়াতু ভোগাইছে গোসাইগাঁও অঞ্চলৰ একাংশ সৰ্বসাধাৰণ ৰাইজক৷ গোসাইগাঁও মহকুমাধিপতি কাৰ্যালয়ৰ পৰা পদ্মবিল তথা হাব্ৰুবিল সংলগ্ন এই দলংখনৰ শোচনীয় অৱস্থাই এতিয়া বিপদত পেলাইছে উক্ত অঞ্চলবাসী ৰাইজক। উল্লেখ্য যে, গোসাইগাঁও অঞ্চলৰ মাজেদি অতিবাহিত হোৱা মোদাতি নৈৰ ওপৰত থকা এই দলংখনৰ এনে অৱস্থা কোনো নতুন কথা নহয়, বিগত বছৰ বছৰ ধৰি এই দলংখন পৰি আছে এনেদৰে৷ কিন্তু কাণসাৰহে নাই বিটিচি চৰকাৰ কিম্বা প্ৰশাসনৰ৷
লক্ষ্যণীয় যে দলংখনৰ এনে শোচনীয় অৱস্থাৰ প্ৰতি অতিষ্ঠ হৈ গোসাইগাঁও উকীলসন্থা, গোসাইগাঁৱৰ একাংশ সচেতন মহল তথা ইয়াৰ দল সংগঠনসমূহে বিভিন্ন সময়ত আবেদন কৰি আহিছে যদিও আজিলৈকে দলংখনৰ এনে দুৰাৱস্থা চকুত পৰা নাই বিটিচিৰ কোনো চৰকাৰী বিষয়া কিম্বা উৰ্ধতম কৰ্তৃপক্ষৰ। ইপিনে উক্ত দলংখনৰ এনে দুৰাৱস্থাৰ বাবে বৰ্তমানলৈকে বহুকেইজনলোকে দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যুৰ মুখত পৰাৰ পিছতো এই দলংখনৰ প্ৰতি থকা চৰকাৰৰ নিৰ্বীকাৰ ভূমিকাক এতিয়া দুৰ্ভাগ্যজনক আখ্যা দিছে উক্ত অঞ্চলবাসী ৰাইজে৷