বান সাহায্য লৈ বৰপেটাত জুবিন গাৰ্গ

 07/26/2019 - 13:36

বৰপেটাঃ বানত সৰ্বস্বান্ত হৈ পৰিছে ৰাজ্যবাসী৷ বানপীড়িতৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে ৰাজ্য চৰকাৰৰ লগতে ৰাজ্যৰ শিল্পী, সাহিত্যিক, ব্যৱসায়ীৰ লগতে বিভিন্ন সংস্থা৷ ইপিনে জুবিন গাৰ্গৰ নেতৃত্বত কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেছনে বানত সৰ্বস্বান্ত লোকসকলৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে৷ ৰাজপথত বান সাহায্য সংগ্ৰহৰ পৰা আৰম্ভ কৰি বানপীড়িতৰ সহায়ৰ বাবে বিভিন্ন শিবিৰত উপস্থিত হৈ সহায় আগবঢ়োৱাৰ লগতে বিভিন্ন স্থানত আয়োজন কৰিছে চিকিৎসা শিবিৰৰ৷ বৰপেটাৰ সুন্দৰীদিয়াত জুবিন গাৰ্গৰ নেতৃত্বত কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেছন, জুবিন ফেন ক্লাব আৰু বৰপেটা জিলা ছাত্ৰসন্থাই অনুষ্ঠিত কৰে এক স্বাস্থ্য শিবিৰ৷

জুবিন গাৰ্গৰ লগতে পত্নী গৰিমা গাৰ্গ, গায়ক দিগন্ত ভাৰতী আদিৰ উপস্থিতিত বৰপেটাৰ সুন্দৰীদিয়াত অনুষ্ঠিত চিকিৎসা শিবিৰত অঞ্চলটোৰ বানপীড়িত লোকসকলৰ স্বাস্থ্য পৰীক্ষাৰ লগতে বিনামূলীয়াকৈ ঔষধ যোগান ধৰা হয়৷ আনহাতে জুবিন ফেন ক্লাব আৰু কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেছনে বানপীড়িতৰ মাজত বিতৰণ কৰে সাহায্য সামগ্ৰী৷ ইপিনে প্ৰতিবছৰে বানে কৰা ক্ষতিৰ কথা উল্লেখ কৰি বানৰ এক বিজ্ঞানসন্মত সমাধানৰ ব্যৱস্থা হাতত লবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰলৈ আহ্বান জনায় জুবিন গাৰ্গে৷ সাহায্য শিবিৰত অংশ লোৱা শিল্পীসকলে বানপানীড়িত ৰাইজক বিভিন্ন ধৰণে সহায় আগবঢ়োৱাৰ কথা উল্লেখ কৰাৰ লগতে বান আৰু খহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ বাবেও চৰকাৰক দাবী জনায়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।