ৰহাঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশ পাবলৈ মাজত মাথোঁ এমাহ বাকী। এনে সময়তে ৰহাৰ ডালিমবাৰীত এগৰাকী ব্যক্তিক ডি ভোটাৰ সজাই হাৰাশাস্তি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই কাৰ্যত এন আৰ চিৰ কৰ্তৃপক্ষ জড়িত থকাৰ অভিযোগ উঠিছে। ব্যক্তিজনৰ নাম ৰূপধন বিশ্বাস। ৰহাৰ ডালিমবাৰীৰ ৬৮বছৰীয়া ৰূপধন বিশ্বাস আছে এন আৰ চিৰ বাবে প্ৰয়োজনীয় সকলো নথি পত্ৰ। আছে লিগেচী। যোৱা লোকসভা নিৰ্বাচনলৈকে ভোটদান কৰি আহিছে লোকজনে। ৭১চনৰ ভোটাৰ তালিকাতো তেওঁৰ নাম আছে। তেনেস্থলত এইবাৰ তেওঁ কেনেকৈ ডি ভোটাৰ হ'ল সেই লৈ হাহাকাৰ লাগিছে পৰিয়ালটোত।
অভিযোগ মতে এন আৰ চিৰ আৰম্ভণীতে তেওঁ আমচৈ এন এচ কেত আবেদন দাখিল কৰিছিল যদিও এন আৰ চি কৰ্তৃপক্ষই লোকজনক একো আবেদনৰ প্ৰমাণ পত্ৰ ঘূৰাই দিয়া নাছিল। শেহতীয়াকৈ এন আৰ চি কৰ্তৃপক্ষই পৰিয়ালৰ বিসংগতি থকা বুলি চামগুৰিৰ এটা এন এচ কে লৈ শুনানীৰ বাবে মাতিলে। সেইমতে পৰিয়ালসহ ৰূপধন বিশ্বাস চামগুৰিৰ এন এচ কেত উপস্থিত হ'ল যদিও সকলো তথ্য দেখুওৱাৰ পিচতো এন আৰ চিৰ লগত জড়িত বিষয়াই গুৰুত্ব নিদিলে। বৰং ৰূপধন বিশ্বাস ডি ভোটাৰ বুলি লিখি নিৰক্ষৰ লোকজনৰ পৰা টিপচহী লয় বুলি অভিযোগ কৰিছে পৰিয়ালৰ লোকে। লগতে ৰূপধনৰ দুই পুত্ৰকো ডি ভোটাৰৰ পুত্ৰ বুলি চিহ্নিত কৰে। ফলত অসহায় পৰিয়ালটো তীব্ৰ চিন্তাত পৰিছে। কিন্তু কাৰ ভুলৰ বাবে স্বদেশীকো সন্দেহজনক নাগৰিক কৰা হৈছে এই লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই সম্পৰ্কত আইনৰ সহায় লোৱাৰ বাবে সাজু হৈছে পৰিয়ালটো।