সৰুপথাৰঃ গোলাঘাট জিলাৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তর্গত কৰ্দৈগুৰিৰ শিঙিমাৰিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা৷ বৃহস্পতিবাৰে ঘৰৰ ভিতৰত চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছে মুকুট বুঢ়াগোঁহাই(৩৮) নামৰ এজন যুৱকৰ মৃতদেহ৷ অন্যহাতে নিশাৰে পৰা সন্ধানহীন হৈ আছিল মৃতকৰ পত্নী মীনা বুঢ়াগোঁহাই আৰু দুই সন্তান৷ যুৱকজনক পত্নীয়ে হত্যা কৰি সন্তানসহ পলায়ন কৰাৰ সন্দেহ কৰিছে পৰিয়াল আৰু স্থানীয় ৰাইজে৷ ঘটনাস্থলীত বৰপথাৰ থানাৰ আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাট অসামৰিক চিকিৎসালয়লৈ প্রেৰণ কৰাৰ পিছত বৰ্তমান মৃতদেহটো সৎকাৰ কৰিছে পৰিয়ালৰ লোকে৷
আনহাতে ৰাইজৰ সন্দেহ দুই সন্তানৰ মাতৃ মীনা বুঢ়াগোঁহায়ে নিশা স্বামীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ ঘৰৰ ভিতৰৰ চিলিং ফেনত ওলমাই থৈ নিশায়ে দুই সন্তানসহ ঘৰৰ পৰা পলায়ন কৰিছিল৷ অৱশেষত আৰক্ষী আৰু পৰিয়ালৰ লোকৰ তৎপৰতাত তিনিচুকীয়া ৰেল ষ্টেচনত দুই সন্তানসহ মহিলা গৰাকীক আটক কৰি বৰপথাৰ আৰক্ষী থানালৈ লৈ আনে। বৰ্তমান মহিলা গৰাকী বৰপথাৰ আৰক্ষী থানাত। অবৈধ প্ৰেমৰ পৰিণতিতে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে৷ অৱশ্যে আৰক্ষীৰ অনুসন্ধানতহে প্ৰকৃত তথ্য পোহৰলৈ আহিব৷