মাণিকপুৰৰ বাংলাপাৰা মথাউৰিত আশ্ৰয় লোৱা বানাক্ৰান্তৰ দুদৰ্শাঃ গোধনৰ মৃত্যু

 07/26/2019 - 17:39

মাণিকপুৰঃ ৩৪ নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিৰ সৃজনগ্ৰাম ৰাজহ চক্ৰ অঞ্চলৰ বহু কেইখন গাঁও মানাহ নৈৰ বাঢ়নী পানীয়ে প্লাৱিত কৰাত আজি তিনি দিন ধৰি মথাউৰিতে পশুধনৰ সৈতে আশ্ৰয় লৈ আছে বানপীড়িত ৰাইজে। উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি, সৃজনগ্ৰাম খণ্ড উন্নয়ন বিষয়া আৰু সমষ্টিটোৰ বিধায়ক আব্দুল হাই নাগৰিয়ে বানপীড়িত ৰাইজৰ দুখ দুৰ্দশাৰ খবৰ লৈ সহায় সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতিৰে ইতিমধ্যে পশুধনৰ বাবে কিছু খাদ্য আৰু ত্ৰিপালৰ যোগান ধৰিছে যদিও বানাক্ৰান্তই কোনোধৰণৰ পৰ্যাপ্ত খাদ্যৰ যোগান পোৱা নাই।

শিবিৰত আৰম্ভণিতে এদিন কিছুসংখ্যক কণ কণ লৰা-ছোৱালীক সমাজ কল‍্যাণ বিভাগৰ পৰা এপেকেটকৈ বিস্কুটৰ যোগান দিছিল যদিও শিশুসকলৰ বাবে আৰু কোনো ধৰণৰ খাদ্য পোৱা নাই। মুঠতে বানাক্ৰান্তই খাদ্যৰ অভাৱত কষ্টৰে পশুধনৰ লগত একেলগে সহাৱস্থান কৰিবলগীয়া হৈছে। এনেদৰে দিন অতিবাহিত কৰাৰ সময়তে বাংলাপাৰাত যোৱা তিনি দিন পানীৰ মাজত আবদ্ধ হৈ থকাৰ ফলত এটি গোধনৰ মৃত্যু হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।