বেবেজীয়াস্থিত ইউনাইটেড বেংক অব্ ইণ্ডিয়াত চুৰি

 07/26/2019 - 17:59

বেবেজীয়াঃ নগাঁৱৰ বেবেজীয়াস্থিত ইউনাইটেড বেংক অব্ ইণ্ডিয়াৰ শাখাত নিশা চুৰিকাণ্ড সংঘটিত হয়। বেংকৰ পিছদুৱাৰ ভাঙি ভিতৰত সোমাই চিচি কেমেৰা বিকল কৰাৰ লগতে বহু কাগজ-পত্ৰ, আচবাব লণ্ড-ভণ্ড কৰে চোৰে। লগতে চিচি কেমেৰাৰ হাৰ্ড ডিক্স লৈ যায় চোৰে।

বেবেজীয়া আৰক্ষী পহৰা চকীৰ নিচেই কাষতে চোৰে সন্ত্ৰাস চলোৱাত ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ঘটনা সন্দৰ্ভত বেবেজীয়া আৰক্ষীয়ে স্নিফাৰ ডগৰ সহায়ত আৰম্ভ কৰিছে অভিযান।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।