07/26/2019 - 18:29
in
গোৰেশ্বৰঃ বাক্সাৰ ভাৰত-ভূটান সীমান্তবৰ্তী অঞ্চলত পুঠিমাৰী আৰু শুক্লাই নৈয়ৰ পানীয়ে একাকাৰ কৰিছিল সমগ্ৰ অঞ্চল। ফলত এতিয়া এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। ভাৰত-ভূটান সীমান্তৰ ২ নং ডোঙাৰ গাঁৱত এটুপি বিশুদ্ধ পানীৰ বাবে নদীৰ কাষত গাত খান্দি পানী বিচাৰি হাহাকাৰ কৰিব লগা হৈছে| চৰকাৰ আহে আৰু যায়।
কিন্তু এই সকল দুৰ্ভগীয়া পৰিয়ালক এটুপি বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কোনো চৰকাৰে নকৰে। এই সকল লোক কিমান সুৰক্ষিত এনে দৰে নদীৰ পানী সেৱন কৰি। ইতিমধ্যে এই পানী খাই বহু লোকে বহু বেমাৰত প্ৰাণ হেৰুৱাৱ লগা হৈছে। এই সকল দুৰ্ভগীয়া পৰিয়ালৰ চৰকাৰক আহ্বান এটুপি বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰি ৰাইজক সকাহ দিবলৈ| অন্যথা এনেদৰে পানী খাই থাকিব লগা হ’লে আৰু বহু লোকে অকাল মৃত্যুক আঁকোৱালি ল’ব লাগিব।