উৰাজাহাজত যাত্ৰা কৰিবলৈ সম্পূৰ্ণ নগ্ন হ'ল যাত্ৰী

 03/27/2019 - 18:13

ডিজিটেল ডেস্কঃ উৰাজাহাজত এবাৰ হ’লেও ভ্ৰমণ কৰাৰ সপোন বহুতেই পুহি ৰাখে। আৰামদায়ক আসনত বহি শুভ্ৰ ডাৱৰৰ মাজে মাজে সুন্দৰী পৰিচাৰিকাৰ আতিথ্য গ্ৰহণ কৰি ঘণ্টাৰ বাট মিনিটতে যাব পৰা বাবেই বিমান যাত্ৰা সকলোৰে প্ৰিয়। কিন্তু কৰবাত কেতিয়াবা শুনিছে নেকি যে কাপোৰ পিন্ধি গ’লে বিমান যাত্ৰা কৰিবলৈ যথেষ্ট অসুবিধা, সেয়ে নগ্ন হৈ যাব লাগে। শুনিবলৈ অদ্ভুত যেন লাগিলেও এগৰাকী বিমানযাত্ৰীয়ে এনে কাণ্ড কৰি সকলোৰে চকু কপালত তুলিছে।

ৰাচিয়াৰ মস্কোৰ এটা বিমান বন্দৰত এজন বিমানযাত্ৰীৰ কৰ্মকাণ্ডই লাভ কৰিছে ব্যাপক চৰ্চা। মস্কোত থকা ডমডি’ডভ নামৰ এটা বিমান বন্দৰত এজন যাত্ৰীৰ কৰ্মকাণ্ডত হতভম্ব হ’ল উপস্থিত থকা আন সকলোবোৰ যাত্ৰী। বিমানত উঠিবলৈ অপেক্ষা কৰি থকা যাত্ৰীৰ শাৰীত সম্পূৰ্ণ নগ্নভাৱে থিয় হ’ল এই লোকজন। নিৰাপত্তাৰক্ষীয়ে প্ৰত্যক্ষ কৰাৰ লগে লগে লোকজনক কৰায়ত্ত কৰে যদিও বিমান বন্দৰতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে লোকজনে।

নিৰাপত্তাৰক্ষীয়ে কৰায়ত্ত কৰি বিমান বন্দৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পাছত পোহৰলৈ আহে যে লোকজনে মদ্যপান কৰি আছে। কিন্তু এই অভিযোগ খণ্ডন কৰি লোকজনে উদ্ধত যুক্তি দি ক’লে- ''কাপোৰ পিন্ধি থাকিলে বিমানত যাত্ৰা কৰিবলৈ যথেষ্ট অসুবিধা হয় সেই বাবেই তেওঁ নগ্ন হৈ আহিছে আৰু তেওঁ এই কাম সম্পূৰ্ণ সুস্থ মগজুৰেই কৰিছে।

স্থানীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, ৰাচিয়াৰ য়াকটাস্ক নামৰ চহৰখনৰ নিৱাসী লোকজনে বিমান বন্দৰত প্ৰৱেশ কৰোতে কাপোৰ পিন্ধি আছিল যদিও, বিমান বন্দৰৰ টাৰ্মিনেলত অন্তৰ্বাস পৰ্যন্ত খুলি সম্পূৰ্ণ ৰূপে নগ্ন হৈ বিমানৰ প্ৰৱেশদ্বাৰত উপস্থিত হয়। নিৰাপত্তাৰক্ষীয়ে কৰায়ত্ত কৰা পূৰ্বতে বিমানবন্দৰত এই লোকজনৰ সকলো কৰ্মকাণ্ড বন্দী হৈছিল কেমেৰাত।’’ ইতিমধ্যে বিমানযাত্ৰী জনৰ এই আচহুৱা কাণ্ডৰ ভিডিঅ' ছছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।