ঢকুৱাখনাত দুবছৰত একেটা পৰিয়ালৰে দুটাকৈ সন্তান কাঢ়ি নিলে বলিয়া বানে

 07/26/2019 - 19:10

ঢকুৱাখনাঃ ঢকুৱাখনাৰ ঘিলামৰা মিলননগৰৰ এটা অতি দৰিদ্ৰ পৰিয়াল। পৰিয়ালটোৰ মুৰব্বী পুতুল নাথে কোনোমতে দিন হাজিৰা কৰি পথাৰত কপালৰ ঘাম মাটিত পেলাই খেতি কৰি দুবেলা দুমুঠি গোটেই পৰিয়ালটো পোহ-পাল দি আছিল। কিন্তু বিধিয়ে দিলেও বিধাতাই নিদিয়ে। পুতুলৰ নাথৰ পত্নী পিংকুমণি নাথ আৰু তেওঁলোকৰ তিনিটা সন্তানেৰে এখন সুখৰ সংসাৰ। প্ৰথম গৰাকী কন্যা (পিংকি নাথ)বয়স ৮ বছৰ, দ্বিতীয় সন্তান (দীপজ্যোতি নাথ)ৰ বয়স ৬ বছৰ আৰু তৃতীয় গৰাকী সন্তান (প্ৰিঞ্চি প্ৰিয়া নাথ)ৰ বয়স ৩বছৰ। দুবছৰৰ আগতে পৰিয়ালটোলৈ নামি আহিছিল অমানিশা।

কাৰণ দুটা বছৰৰ আগতে বানপানীয়ে উটুৱাই লৈ গৈছিল এই পৰিয়ালটোৰ প্ৰথম গৰাকী কন্যা পিংকি নাথক। আৰু মৃত্যু হৈছিল ৮ বছৰীয়া শিশুটিৰ। পৰিয়ালৰ সকলো ভাগি পৰিছিল। চৰকাৰৰ পৰাও কোনো সঁহাৰি লাভ কৰা নাছিল। সেইদৰে চলিছিল ঘৰখন। কিন্তু নিয়তি ইমান নিষ্ঠুৰ যে এইবাৰৰ বানপানীত পুনৰ অৰ্থাৎ বৃহস্পতিবাৰৰ দিনা মাক-দেউতাক পথাৰলৈ যোৱা অৱস্থাত ওচৰত থকা চাম্পৰা নদীৰ বাঢ়নী পানীৰ এটা নলাত পৰি মৃত্যু হয়। কণমানি ককায়েক দ্বীপজ্যোতিৰ সৈতে খেলি আছিল কণমানি প্ৰিঞ্চি প্ৰিয়া। কিন্তু কোন মুহূৰ্তত গৈ ঘৰৰ পিছফালৰ ওচৰৰ নলা এটাত পিচলি পৰিল ককায়েক দীপজ্যোতিয়ে গম নাপালে।

পিছত ভণ্টি ক’লৈ গ’ল বুলি বিচৰাত পিছত দেখিলে নলাত ওপঙি থকা। পাছত পৰিয়ালৰ লোকে ঘিলামৰা অসামৰিক চিকিৎসালয়ত নিয়ে যদিও ডাক্তৰে মৃত বুলি ঘোষণা কৰে। বলিয়া বানে একেটা পৰিয়ালৰে দুবছৰত দুটা সন্তান মাক-দেউতাকৰ কোলাৰ পৰা কাঢ়ি নিয়ে। এতিয়া ঘৰখনত কেৱল কান্দোনৰ ঢৌ। ঘটনাস্থলীত ঘিলামৰা আৰক্ষী আৰু সোৱণশিৰি ৰাজহ চক্ৰ বিষয়া গৈ সকলো বুজ লয় আৰু ঘিলামৰা আৰক্ষীয়ে মৃতদেহতো মৰণোত্তৰ পৰীক্ষা বাবে লক্ষীমপুৰলৈ প্ৰেৰণ কৰে। এই দুৰ্ভগীয়া পৰিয়ালটোৱে এতিয়া চৰকাৰৰ পৰা বিচাৰিছে কিছু সঁহাৰি।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।